অলিম্পিকৰ ৰিঙত যুঁজৰ বাবে সাজু অসমৰ তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁই। ইটালীৰ ৰাজধানী ৰোমত অলিম্পিক গেমছৰ প্ৰস্তুতি চলোৱা লাভলিনা বৰগোঁহাই (Lovlina Bargohain)য়ে অসমবাসীৰ শুভেচ্ছা বুকুত বান্ধি টকিঅ'ত গৈ উপস্থিত হৈছে। গোলাঘাট জিলাৰ বৰপথাৰৰ জিয়ৰী লাভলিনা বৰগোহাঁইৰ দুচকুত এতিয়া টকিঅ' অলিম্পিকৰ স্বৰ্ণপদকৰ সপোন। নিজৰ সৰ্বোচ্চ উজাৰি অলিম্পিক গেমছৰ স্বৰ্ণপদক বুটলিবলৈ শেহ মুহূৰ্তলৈ যুজঁ দিব লাভলিনা বৰগোঁহাইয়ে।
জাপানৰ ৰাজধানীত লাভলিনা বৰগোহাঁইৰ উপৰি উপস্থিত হৈছে ভাৰতীয় দলৰ চীফ দ্যা মিছন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ভাৰোত্তোলক ছাইখোম মীৰাবাই ছানু আৰু তাৰকা বক্সাৰ এম চি মেৰী কম।
ইফালে লাভলিনাক শুভেচ্ছা জ্ঞাপনৰ বাবে শনিবাৰে অসম অলিম্পিক সন্থাই এক সাক্ষৰ অভিযান অনুষ্ঠিত কৰিছিল। ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ জাপানৰ ৰাজধানী চহৰ টকিঅ'ত অনুষ্ঠিত হ'ব গ্ৰেটেষ্ট স্পৰ্টছ শ্বো অন আৰ্থ "অলিম্পিক গেমছ"। অলিম্পিক গেমছৰ বাবেই ভাৰতৰ কেবাটাও দল সুকীয়া সুকীয়া কৈ ইতিমধ্যে টকিঅ' অভিমুখে ৰাওনা হৈছে।
টকিঅ'ত উপস্থিত হৈছে বক্সাৰ লাভলিনা বৰগোহাঁই। টকিঅ'ৰ পৰা স্বৰ্ণপদক কঢ়িয়াই আনক লাভলিনাই, এয়াই দেশবাসীৰ সপোন। দেশৰ সফল খেলুৱৈ গৰাকীৰ সফলতাৰ বাবেই শনিবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰিছিল বিশেষ অনুষ্ঠান লগতে সাক্ষৰ অভিযান। অনুষ্ঠানটোত উপস্থিত আছিল মহিলা এভাৰেষ্টাৰ আনচু জামছেনপা, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মিঠু বৰুৱা, কল্পনা চৌধুৰী, এলভীছ আলি হাজৰিকা আৰু তানিয়া চৌধুৰী। সকলোৱে লাভলিনা বৰগোহাঁইক শুভেচ্ছা জনায়।
বক্সিং ইন্ডিয়াৰ সচিৱ প্ৰধান হেমন্ত কলিতা আৰু ভাৰতীয় এথলেটিকছৰ উপ সভাপতি লক্ষ্য কোঁৱৰেও দেওবাৰে ৰাওনা হৈছে টকিঅ'লৈ। অসমৰ ৰাইজৰ শুভেচ্ছাৰ চিন স্বৰূপ হিচাপে সকলোৰে সাক্ষৰ থকা এখন বিশেষ গামোচা লাভলিনালৈ উপহাৰ হিচাপে লৈ গৈছে লক্ষ্য কোঁৱৰে। মুঠৰ ওপৰত এইবাৰৰ অলিম্পিক গেমছলৈ অসমৰ পৰা একমাত্ৰ খেলুৱৈ হিচাপে যোগ্যতা অৰ্জন কৰা লাভলিনা বৰগোহাঁইক লৈ যথেষ্ট উৎসাহিত হৈ আছে ৰাজ্যবাসী। সকলোৱে নামঘৰ, মন্দিৰে মহজিদে লাভলিনাৰ বাবে আশীৰ্বাদ বিচাৰিছে যাতে খেলুৱৈ গৰাকীয়ে জাপানৰ পৰা এটা স্বৰ্ণপদকেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনে।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 18, 2021, 18:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।