স্বৰ্ণপদকৰ লক্ষ্যৰে আজি বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই। লাভলীনাৰ সন্মুখত শীৰ্ষ বাছনিৰ তুৰস্কৰ বুচানেজ চুৰমেনেলী।
স্বৰ্ণপদকৰ লক্ষ্যৰে আজি বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই। লাভলীনাৰ সন্মুখত শীৰ্ষ বাছনিৰ তুৰস্কৰ বুচানেজ চুৰমেনেলী।
টকিঅ’ অলিম্পিক গেমছৰ ঐতিহাসিক মুহূৰ্ত। কিছু সময় পিছত ছেমি ফাইনেলত অংশ ল’ব অসমৰ লাভলীনা বৰগোঁহায়ে। ব্ৰঞ্জৰ পদক নিশ্চিত কৰি স্বৰ্ণপদকৰ বাবে তয়াময়া ৰণত লিপ্ত হ’ব অসম কন্যা লাভলীনা বৰগোঁহাই।
স্বৰ্ণপদকৰ লক্ষ্যৰে আজি বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই। লাভলীনাৰ সন্মুখত শীৰ্ষ বাছনিৰ তুৰস্কৰ বুচানেজ চুৰমেনেলী। হাই ভল্টেজ এই খেলখন প্ৰত্যক্ষ কৰিবলৈ সাজু সমগ্ৰ দেশবাসী। ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হ’ব অসম বিধানসভাও। লাভলীনা বৰগোঁহাইৰ খেলৰ বাবেই আজি ৩০ মিনিটৰ বাবে স্থগিত থাকিব সদন।
চলিত বাজেট অধিৱেশনত আজি দিনৰ ১০:৫০ মিনিটৰ পৰা ৩০ মিনিটৰ বাবে সদন স্থগিত কৰি সকলো সদস্যই একেলগে সমৰ্থন জনাব লাভলীনা বৰগোঁহাইক। সদন স্থগিতৰ এই প্ৰস্তাৱ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আগবঢ়াইছিল বোকাজান সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ উপাধাক্ষ ডাঃ নোমল মমিনে।
টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰি ইতিহাস সৃষ্টি কৰা লাভলীনাক আশীৰ্বাদ আৰু শুভেচ্ছাও জ্ঞাপন কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে। লাভলীনা বৰগোঁহাইক লৈ আশাবাদী বুলি জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰাই। লাভলীনাই স্বৰ্ণপদক পাব বুলি আশা কৰা ক্ৰীড়ামন্ত্ৰীয়ে সফল খেলুৱৈগৰাকীক আদৰিবলৈ চৰকাৰ সাজু বুলি কয়। লাভলীনাক স্বগৃহত ৰাজকীয় আদৰণি জনাব বুলি নিউজ১৮ক জনায় মন্ত্ৰী পিযুশ হাজৰিকাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|