ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান। নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ এতিয়া অসমত জপিয়াই পৰিছে কংগ্ৰেছ-বিজেপিৰ শীৰ্ষ নেতৃত্ব। দেওবাৰৰ পৰা অসমত ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। দেওবাৰে যোৰহাট, খুমটাইত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত প্ৰিয়ংকা গান্ধীয়ে সোমবাৰৰ দিনটোত সৰুপথাৰ, কলিয়াবৰ, বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ চলায়।
সৰুপথাৰত কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই শাসকীয় বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ নেত্ৰীগৰাকী। অসমত বিজেপিয়ে মাফিয়াৰ দৰে চৰকাৰ চলোৱাৰ অভিযোগ তোলাৰ লগতে চৰকাৰক সৰ্বদিশতে ব্যৰ্থ আখ্যা দিয়ে। ইফালে ভাষণ প্ৰসংগত মহাভাৰতৰ শকুনিৰ সৈতে তুলনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। প্ৰিয়ংকাই কয় যে, 'মহাভাৰততো মামা আছিল, অসমতো এতিয়া মামা আছে। গতিকে ৰাইজে বিচাৰ কৰক।'
আনফালে ভাষণত কংগ্ৰেছৰ পাঁচ গেৰাণ্টীৰ কথাও উল্লেখ কৰে প্ৰিয়ংকা গান্ধীয়ে। চৰকাৰ গঠন কৰিলে পাঁচটা গাৰেণ্টীক কাৰ্যত ৰূপ দিয়াৰ লগতে ‘কা’ বলবৎ হ’বলৈ নিদিও বুলি মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে।
আনহাতে সভাতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো শ্ৰদ্ধাৰে স্মৰণ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। প্ৰিয়কাই কয় যে, ‘তৰুণ গগৈয়ে অসমৰ বাবে দিনে-নিশাই কাম কৰিছিল ৷ বাট-পথ, দলঙৰ কাম গগৈয়ে আৰম্ভ কৰিছিল৷’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|