মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»বিশ্ব যুৱ আৰ্চাৰীত দলীয় শাখাত দুটাকৈ স্বৰ্ণ আৰু একক শাখাত ব্ৰঞ্জ জয়ী বিশালৰ নাই নিজা ধনু, আনৰ ধনুৰে ভাগ লৈছিল প্ৰতিযোগিতাত

বিশ্ব যুৱ আৰ্চাৰীত দলীয় শাখাত দুটাকৈ স্বৰ্ণ আৰু একক শাখাত ব্ৰঞ্জ জয়ী বিশালৰ নাই নিজা ধনু, আনৰ ধনুৰে ভাগ লৈছিল প্ৰতিযোগিতাত

News18 Assam | News18-Assam
Updated:August 20, 2021, 2:39 PM IST
বিশ্ব যুৱ আৰ্চাৰীত দলীয় শাখাত দুটাকৈ স্বৰ্ণ আৰু একক শাখাত ব্ৰঞ্জ জয়ী বিশালৰ নাই নিজা ধনু, আনৰ ধনুৰে ভাগ লৈছিল প্ৰতিযোগিতাত
আৰ্চাৰীত ব্যৱহাৰ হোৱা ধনুখনৰ দাম ৩ ৰ পৰা ৫ লাখ টকা।বৰ্তমান পুনেৰ আৰ্মী স্পৰ্টছ একাডেমীত অনুশীলন অব্যাহত ৰাখিছে বিশালে।

আৰ্চাৰীত ব্যৱহাৰ হোৱা ধনুখনৰ দাম ৩ ৰ পৰা ৫ লাখ টকা।বৰ্তমান পুনেৰ আৰ্মী স্পৰ্টছ একাডেমীত অনুশীলন অব্যাহত ৰাখিছে বিশালে।

  • Share this:
বিশ্ব যুৱ আৰ্চাৰীত দলীয় শাখাত দুটাকৈ সোণ আৰু একক শাখাত ব্ৰঞ্জৰ পদকেৰে দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা বিশাল চাংমাইৰ অকথিত কাহিনী এয়া। পোলেণ্ডত অনুষ্ঠিত মিক্স ডাবলছ আৰ্চাৰীত দেশৰ সুনাম ৰক্ষা কৰি লাভ কৰিলে সোণৰ পদক। ব্যক্তিগত শাখাত লাভ কৰিলে ব্ৰঞ্জৰ পদক। ১৫ আগষ্টত দেশে স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে পোলেণ্ডত সোণ  আৰু ব্ৰঞ্জ জয় কৰাৰ খবৰে বোকাখাতবাসীৰ লগতে অসমবাসীক কৰি তুলিছিল উৎফুল্লিত।

কিন্তু জানি আচৰিত হ'ব, বিশ্ব আৰ্চাৰীত দেশ আৰু ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা এইজন বিশ্ব আৰ্চাৰী চেম্পিয়ন বিশাল চাংমাইৰ নাই এখন নিজা ধনু। আনৰ ধনুৰে অনুশীলন কৰি আনৰ ধনুৰে প্ৰতিযোগিতাত ভাগ লৈছিল বিশালে। বিশালৰ পিতৃ শান্তনু চাংমায়ে জনোৱা মতে, পুত্ৰ বিশালৰ হাতত এখন নতুন আৰু নিজা ধনু তুলি দিব নোৱাৰিলে তেওঁ।

আৰ্চাৰীত ব্যৱহাৰ হোৱা ধনুখনৰ দাম ৩ ৰ পৰা ৫ লাখ টকা।বৰ্তমান পুনেৰ আৰ্মী স্পৰ্টছ একাডেমীত অনুশীলন অব্যাহত ৰাখিছে বিশালে। বিশ্ব মানৰ বিভিন্ন আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ লগতে পৰৱৰ্তী অলিম্পিকলৈ যোৱাৰ আগ্ৰহ বিশালৰ। এই কথা জানিব পাৰি বিশালৰ বাবে এখন নতুন আৰু নিজা ধনুৰ বাবে বোকাখাত মহকুমা সাংবাদিক সংস্থাই কথা পাতিছে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতে। যথা সম্ভৱ পূৰ্ণ হ'ব বিশালৰ নতুন ধনুৰ সপোন।

লক্ষনীয় ভাৱে "অসম সংহত ক্ৰীড়া নীতি ১০১৭-১৮" ত উল্লেখ থকা মতে কোনো খেলুৱৈয়ে বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক পালে ৫ লাখ, আৰু ৰূপ, ব্ৰঞ্জ পালে ক্ৰমে ৩ লাখ আৰু ২ লাখ নগদ ধন ৰাজ্য চৰকাৰে দিব লাগে যদিও চৰকাৰৰ তৰফৰ পৰা কোনো যোগাযোগ কৰা নাই। বিশাল বোকাখাতৰ শান্তনু চাংমাই আৰু মিণ্টু চাংমাইৰ পুত্ৰ। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে যুৱ আৰ্চাৰীত স্বৰ্ণজয়ী দলটোক দিল্লীত অভিনন্দন জনাইছে যদিও অসম চৰকাৰে এতিয়াও বিশাল চাংমাই সম্পৰ্কত কোনো ঘোষণা আগবঢ়োৱা নাই ৷ কিন্তু ৰাইজ আশাবাদী পেৰিছ অলিম্পিকত ভাৰতীয় দলত স্থান লাভ কৰাটো প্ৰায় নিশ্চিত কৰা বিশালৰ বাবেও সহায়ৰ হাত আগবঢ়াওক৷
Published by: Sanjay Kumar Das
First published: August 20, 2021, 2:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি