বিশাল চাংমাইয়ে বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দলীয় ভাৱে দুটা শাখাত স্বৰ্ণ আৰু এককভাৱে ব্ৰঞ্জৰ পদক আঁজুৰি আনি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
বিশাল চাংমাইয়ে বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দলীয় ভাৱে দুটা শাখাত স্বৰ্ণ আৰু এককভাৱে ব্ৰঞ্জৰ পদক আঁজুৰি আনি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
অৰ্জুনৰ দৰেই লক্ষ্য স্থিৰ তেওঁৰ৷ সৰুৰে পৰাই ধনু হাতত লৈ লক্ষ্যভেদ কৰাৰ প্ৰয়াস তেওঁৰ৷ বক্সাৰ লাভলীনা বৰগোহাঁইৰ টকিঅ' অলিম্পিকত সফলতাৰ পাছত আন এগৰাকী অসমীয়া হিচাপে দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আন এগৰাকী খেলুৱৈয়ে৷ বোকাখাতৰ বিশাল চাংমাইয়ে বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দলীয় ভাৱে দুটা শাখাত স্বৰ্ণ আৰু এককভাৱে ব্ৰঞ্জৰ পদক আঁজুৰি আনি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
পোলেণ্ডৰ ৱৰক্লঅ'ত অনুস্থিত বিশ্ব আৰ্চাৰী ফেডাৰেচনৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি বোকাখাতৰ যুৱক বিশাল চাংমায়ে পুৰুষৰ দলীয় শাখাত আৰু মিক্স ডাৱলছ শাখাত স্বৰ্ণপদক লাভ কৰাৰ উপৰিও প্ৰতিযোগিতাত এককভাৱে অৱতীৰ্ণ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷
বিশাল চাংমাইৰ এই সাফল্যত দেওবাৰে স্বাধীনতা দিৱসৰ দিনাই সমগ্ৰ বোকাখাতেই উৎফুল্লিত হৈ পৰিছে৷ বিশ্ব আৰ্চাৰী ফেডাৰেচন উদ্যোগত পোলেণ্ডৰ ৱৰক্লঅ'ত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিশাল চাংমায়ে কাজাখস্তানৰ প্ৰতিযোগীক পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ বিশাল চাংমায়ে প্ৰতিনিধিত্ব কৰা ভাৰতীয় পুৰুষৰ দলটোৱে ফ্ৰান্সক পৰাভূত কৰি স্বৰ্ণ জয় কৰাৰ বিপৰীতে মিক্স ডাবলছত বিশাল চাংমাই আৰু হাৰিয়ানা যুৱতী তামান্নাৰ যুটীয়ে প্ৰতিযোগিতাত জাপানক পৰাভুত কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়৷
দেওবাৰে সন্ধিয়া সফলতাৰ এই খবৰ লাভ কৰাৰ পিছতেই বিশাল চাংমাইৰ বোকাখাতৰ মিলনপুৰ গাঁৱৰ বাসভৱনত অনেক গুনমুগ্ধই ভিৰ কৰাৰ লগতে বিশালৰ সফলতাৰ বাবে পিতৃ-মাতৃক শুভেচ্ছা জ্ঞাপন কৰে৷ ২০১২ চনৰ পৰা আৰ্চাৰীত মনোনিৱেশ কৰা বিশাল চাংমায়ে স্থানীয়ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত গুৱাহাটীৰ ছাইত প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পদক বুটলিবলৈ সক্ষম হৈছিল ৷
বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ বিশাল চাংমাই সম্প্ৰতি পুনেৰ মিলিটেৰী স্পৰ্টছ একাডেমিত আৰ্চাৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ পোলেণ্ডৰ পৰা বাহিৰে বাহিৰে বিশালে একাডেমিতেই প্ৰশিক্ষণত যোগদান কৰিব৷ বিশাল চাংমাই বোকাখাতৰ মিলনপুৰ নিৱাসী শান্তনু চাংমাই আৰু মিন্টু চাংমাইৰ কনিষ্ঠ পুত্ৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|