Asian Paints Where The Heart Is: শক্তি আৰু মুক্তি মোহনৰ ঘৰখন, কি দেখিলে প্ৰতিযোগীয়ে?

News18 Assam | News18-Assam
Updated:April 9, 2021, 3:48 PM IST
Asian Paints Where The Heart Is: শক্তি আৰু মুক্তি মোহনৰ ঘৰখন, কি দেখিলে প্ৰতিযোগীয়ে?
শক্তি মোহন আৰু মুক্তি মোহনৰ জীৱনশৈলী আনতকৈ পৃথক

শক্তি মোহন আৰু মুক্তি মোহনৰ জীৱনশৈলী আনতকৈ পৃথক

  • Share this:
শক্তি মোহন আৰু মুক্তি মোহনৰ জীৱনশৈলী আনতকৈ পৃথক! সৃজনশীলতা আৰু স্বকীয়তাই তেওঁলোকৰ জীৱনশৈলী আৰু বাসস্থানৰ মান নিৰ্ধাৰণ কৰে। Asian Paints Where The Heart Is’ৰ ছীজন 4-ৰ অন্তিম খণ্ডত দুয়োগৰাকী ভগ্নীয়ে প্ৰতিযোগীক নিজৰ বাসগৃহলৈ লৈ আহে। য’ত তেওঁলোকে প্ৰদৰ্শন কৰে যে, কেনেদৰে ঘৰত থকা স্পেচৰ জৰিয়তে পৰিয়ালৰ মাজত চিৰ যুগমীয়া বন্ধন গঢ় লৈ উঠিব পাৰে, আৰু ব্যক্তিগত পছন্দও বিকশিত হ’ব পাৰে।

দুয়ো ভগ্নী খ্যাতিৰ জখলাত উঠি গৈ থকাৰ সময়ছোৱাত, লাগিলে চলচ্চিত্ৰত অভিনয়েই হওক বা নৃত্যৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণেই হওক- শক্তি আৰু মুক্তিৰ এই ঘৰটো ইতিবাচক সহযোগিতা আৰু প্ৰদৰ্শনৰ বাবে এক সুকীয়া মঞ্চ হৈ আছে। দুয়োৰে ভাইৰেল নৃত্য ভিডিঅ'ৰ নিয়মীয়া ফলৱাৰসকল তেওঁলোকৰ অনুশীলন আৰু সৃষ্টিৰ প্ৰিয় স্থানবোৰৰ ভিতৰত ঘৰৰ চাঁদৰ বাগিচাৰ সৈতে নিশ্চয় পৰিচিত, যিখনৰ কথা দুয়ো একমুখে স্বীকাৰ কৰে।

পৰিয়ালৰ সৈতে বাস কৰাৰ ফলত ভগ্নীদ্বয়ে ঘৰত থকাৰ অভিজ্ঞতা ভালদৰেই অনুভৱ কৰিব পাৰিছে, য'ত তেওঁলোকে মিলিজুলি উৎসৱ উদযাপন কৰে। তাৰোপৰি  শক্তি আৰু মুক্তিয়ে পৰস্পৰৰ সৈতে ভাগ বতৰা কৰা ঘনিষ্ঠ বন্ধনকো প্ৰতিফলন কৰে, আৰু লগতে দুয়োৰে ব্যক্তিগত আৰু পেছাদাৰী জীৱন কিমান নিবিড়ভাৱে জড়িত হৈ আছে- তাকো দৰ্শায়।

তলৰ লিংকটোত ক্লিক কৰি মোহন ভগ্নীদ্বয়ৰ "ঘৰুৱা আশীৰ্বাদ"স্বৰূপ, তেওঁলোকৰ বাসস্থানটো উপভোগ কৰিব পাৰিব।



এয়া হৈছে চেলিব্ৰেটী বাসস্থানত এক প্ৰকাৰৰ অন্তৰংগ অৱলোকন যিটো ‘Asian Paints Where The Heart Is Season 4’ৰ বিশেষত্ব বুলিব পাৰি। এই ছিৰিজটোৰ সময়ত, দৰ্শকক শংকৰ মহাদেৱন, তমন্না ভাটিয়া, অনিতা ডংৰে, স্মৃতি মান্ধানা, প্ৰতীক কুহাদ আৰু ৰাজকুমাৰ ৰাওৰ ঘৰৰ ভিতৰলৈ লৈ যোৱা হৈছিল, যি তেওঁলোকৰ বাসস্থান আৰু হৃদয়ৰ দুৱাৰ মুকলি কৰি দেখুৱাইছিল।
Published by: Himangshu Bhuyan
First published: April 9, 2021, 3:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি