Asian Paints: অভিনেতা ৰাজকুমাৰ ৰাওৰ ঘৰৰ ভিতৰখন চাব বিচাৰে নেকি?  সুযোগ দিছে অভিনেতাজনে নিজে

News18 Assam | News18-Assam
Updated:April 6, 2021, 3:38 PM IST
Asian Paints: অভিনেতা ৰাজকুমাৰ ৰাওৰ ঘৰৰ ভিতৰখন চাব বিচাৰে নেকি?  সুযোগ দিছে অভিনেতাজনে নিজে
ষষ্ঠ এপিছ’ডটোত অভিনেতা ৰাজকুমাৰ ৰাওৱে মুম্বাইত থকা তেওঁৰ সুন্দৰ ঘৰটোলৈ আমন্ত্ৰণ জনাইছে শ্বটোৰ দৰ্শকক। 

ষষ্ঠ এপিছ’ডটোত অভিনেতা ৰাজকুমাৰ ৰাওৱে মুম্বাইত থকা তেওঁৰ সুন্দৰ ঘৰটোলৈ আমন্ত্ৰণ জনাইছে শ্বটোৰ দৰ্শকক। 

  • Share this:
জনপ্ৰিয় ৱেব শ্ব’ ‘Asian Paints Where The Heart Is’-ৰ ছীজন 4ত দৰ্শকে জনপ্ৰিয় চেলিব্ৰিটীসকলৰ  লিভিং স্পেছৰ আভাস লাভ কৰাৰ লগতে তেওঁলোকৰ ব্যক্তিত্বৰ সৈতে খাপ খোৱা বিশেষ ডেক’ৰ পচন্দসমূহ, আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কৰ বিষয়ে জানিব পাৰিব।

ষষ্ঠ এপিছ’ডটোত অভিনেতা ৰাজকুমাৰ ৰাওৱে মুম্বাইত থকা তেওঁৰ সুন্দৰ ঘৰটোলৈ আমন্ত্ৰণ জনাইছে শ্ব'টোৰ দৰ্শকক।

ঘৰখনে তেওঁৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন, তেওঁৰ অতীত আৰু বৰ্তমানক সংযুক্ত কৰাৰ লগতে তেওঁক শান্তি আৰু স্থিৰতাও প্ৰদান কৰিছে। ৰাজকুমাৰক নিজা ঘৰত থকাৰ আনন্দৰ সৈতে সৃষ্টিমুখী যাত্ৰাত ধাৱমান হ’বলৈ সহায় কৰাৰ উপৰিও তেওঁ গুৰগাঁৱত ষোল্লগৰাকী পৰিয়ালৰ সদস্যৰ সৈতে বাস কৰিবলগীয়া ঘৰখনৰ পৰা আৰম্ভ কৰা যাত্ৰাৰ বাবেও এক মাইলৰ খুঁটিৰ ভুমিকা পালন কৰিছে।



এই স্প্লিট-লেভেল এপাৰ্টমেণ্টটো দুটা ভাগত বিভক্ত কৰা হৈছে- ওপৰৰ অংশটোত ৰাজকুমাৰে বিনোদন তথা ব্যৱসায় সম্পৰ্কীয় কাম-কাজ কৰে। আৰু তলৰ মহলাত অলপ আন্তৰিক, আৰু অন্তৰংগ ব্যক্তিগত সময় অতিবাহিত কৰে।

Asian Paints Where The Heart Is Season 4’ত প্ৰদৰ্শন কৰা অন্যান্য চেলিব্ৰিটীসকলৰ ভিতৰত আছে- শংকৰ মহাদেৱন, তমন্না ভাটিয়া, অনিতা ডংৰে, স্মৃতি মান্ধানা, প্ৰতীক কুহাদ আৰু শক্তি আৰু মুক্তি মোহন। এই সকল তাৰকাই তেওঁলোকৰ ঘৰৰ দুৱাৰ দৰ্শকৰ বাবে খুলি দিয়াৰ লগতে তেওঁলোকৰ নিজৰ ঘৰখনৰ সৈতে থকা বিশেষ স্মৃতি আৰু আবেগিক সংযোগৰ কথা ভাগ-বতৰা কৰিছে।
Published by: Himangshu Bhuyan
First published: April 6, 2021, 9:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি