দিল্লীৰ মহিলাৰ বাবে সুখবৰ, বিনামূলীয়া হ’ব মেট্ৰ’ আৰু বাছৰ যাত্ৰা, ঘোষণা কেজৰিবাল চৰকাৰৰ

মেট্ৰ’ত মুঠ যাত্ৰীৰ ভিতৰত ৩৩ শতাংশই মহিলা। এই অনুসৰি মেট্ৰ’ত মহিলাৰ বিনামূলীয়া যাত্ৰাৰ বাবে প্ৰায় ১ হাজাৰ কোটি প্ৰতিবছৰে খৰচ হ’ব। এই আঁচনি বলবৎ হ’লে দিল্লী চৰকাৰে প্ৰতিবছৰে ১২০০ কোটি টকাৰ বোজা গ্ৰহণ কৰিব লাগিব।

news18assam
Updated:June 3, 2019, 2:17 PM IST
দিল্লীৰ মহিলাৰ বাবে সুখবৰ, বিনামূলীয়া হ’ব মেট্ৰ’ আৰু বাছৰ যাত্ৰা, ঘোষণা কেজৰিবাল চৰকাৰৰ
মেট্ৰ’ত মুঠ যাত্ৰীৰ ভিতৰত ৩৩ শতাংশই মহিলা। এই অনুসৰি মেট্ৰ’ত মহিলাৰ বিনামূলীয়া যাত্ৰাৰ বাবে প্ৰায় ১ হাজাৰ কোটি প্ৰতিবছৰে খৰচ হ’ব। এই আঁচনি বলবৎ হ’লে দিল্লী চৰকাৰে প্ৰতিবছৰে ১২০০ কোটি টকাৰ বোজা গ্ৰহণ কৰিব লাগিব।
news18assam
Updated: June 3, 2019, 2:17 PM IST
বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালৰ ঘোষণা। দিল্লীৰ AAP চৰকাৰে মহিলাসকলক দিল্লী মেট্ৰ’ আৰু DTC বাছত বিনামূলীয়া যাত্ৰাৰ উপহাৰ প্ৰদান কৰিলে। মুখ্যমন্ত্ৰী কেজৰিবালে সংবাদমেলৰ জৰিয়তে এই ঘোষণা কৰে। আপ চৰকাৰৰ এই ঘোষণাৰ পিছত মেট্ৰ’ আৰু বাছত যাত্ৰা কৰাৰ সময়ত মহিলাসকলে ল’ব নালাগে টোকন বা স্মাৰ্ট কাৰ্ড ।

এই ঘোষণাৰ পিছতে অৰবিন্দ কেজৰিবালে ক’লে– ‘দিল্লীত মহিলাসকলে অসুৰক্ষিত অনুভৱ কৰে। দিল্লী চৰকাৰে দিল্লী মেট্ৰ’ আৰু DTC বাছত মহিলাসকলক ভাৰাৰ ৰেহাই দিবলৈ বিনামূলীয়া যাত্ৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে মহিলাসকলে ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ উৎসাহ পাব। মহিলাসকলক দিয়া বিনামূলীয়া যাত্ৰাৰ বাবে DMRCৰ লোকচান ভৰিব দিল্লী চৰকাৰে।

প্ৰতিবছৰে ১২০০ কোটি টকাৰ বোজা গ্ৰহণ কৰিব লাগিব

অনুমান অনুসৰি, মেট্ৰ’ত মুঠ যাত্ৰীৰ ভিতৰত ৩৩ শতাংশই মহিলা। এই অনুসৰি মেট্ৰ’ত মহিলাৰ বিনামূলীয়া যাত্ৰাৰ বাবে প্ৰায় ১ হাজাৰ কোটি প্ৰতিবছৰে খৰচ হ’ব। এই আঁচনি বলবৎ হ’লে দিল্লী চৰকাৰে প্ৰতিবছৰে ১২০০ কোটি টকাৰ বোজা গ্ৰহণ কৰিব লাগিব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি