• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অনলাইনত বিক্ৰী হৈছে নকল 'ভাৰ্জিনিটী', বিবাহিত মহিলাকো ১৫ মিনিটৰ ভিতৰত কৰি দিব কুমাৰী!

অনলাইনত বিক্ৰী হৈছে নকল 'ভাৰ্জিনিটী', বিবাহিত মহিলাকো ১৫ মিনিটৰ ভিতৰত কৰি দিব কুমাৰী!

নকল হাইমেনৰ খবৰ বিয়পি পৰা পিছতে বিভিন্ন মহলে কৰিছে নিন্দা।

নকল হাইমেনৰ খবৰ বিয়পি পৰা পিছতে বিভিন্ন মহলে কৰিছে নিন্দা।

নকল হাইমেনৰ খবৰ বিয়পি পৰা পিছতে বিভিন্ন মহলে কৰিছে নিন্দা।

  • Share this:
মানুহ আজিকালি বহু এডভান্স। প্ৰযুক্তি আৰু বিজ্ঞানৰ হাতত ধৰি বহু পুৰণি প্ৰথা আৰু কু-সংস্কাৰ ত্যাগ কৰিলেও এতিয়াও বহু ক্ষেত্ৰত মানুহৰ চিন্তাধাৰাৰ কোনো বদলি হোৱা নাই। মহিলাকলৈ বহুতেই বিভিন্ন সময়ত এতিয়াও বিভিন্ন ধৰণৰ ট্যাবু আৰু পুৰণি ভাৱনা চিন্তা লৈ আছে। যিদৰে আজিও মহিলাসকলৰ বাবে বিয়াৰ সময়ত ভাৰ্জিনিটী এটা ডাঙৰ চিন্তাৰ কাৰণ। আৰু এই কুৰুচি আৰু ঠেক মানসিকতাৰ লাভ উঠাইছে একাংশ ডাঙৰ সংস্থাই। অনলাইনত বিক্ৰী হৈছে প্লাষ্টিক হাইমেন।

স্মাৰ্টফোনৰ যুগত কাপোৰ কানিৰ পৰা  লাইফষ্টাইললৈকে বহুক্ষেত্ৰত আধুনিক আমাৰ সমাজ। শীঘ্ৰেই আহিব ৫জি সেৱা। কিন্তু এনে সময়তো আমাৰ একাংশ লোকৰ চিন্তা ধাৰাৰ পৰিৱৰ্তন নহব নেকি! অনলাইত বিক্ৰী কৰা এই প্ৰডাক্টে ইয়াৰে ইংগিত বহন কৰিছে।

এতিয়াও বহু ঠাইত মহিলাই বিয়াৰ পিছত সতীত্বৰ প্ৰমাণ দিবলগীয়া হয়। যোনীপথৰ পাতল পৰ্দাকে কোৱা হয় হাইমেন। যৌন মিলনৰ সময়ত সেই পৰ্দা ফাটি যায়।  ইয়াৰ ফলত বুজা যায় যে, কেতিয়াবা শাৰীৰিক সম্পৰ্কত লিপ্ত হৈছে নে নাই হোৱা। কিন্তু ডাক্তৰে জনাইছে, বিভিন্ন সময়ত চাইকেল চলোৱা, সাঁতুৰা, খেলা-ধূলা কৰিলে বহু তৰুণীৰ হাইমেন ফাটি যায়। কিন্তু ইয়াৰ পিছতো বিয়াৰ পিছত স্বামীৰ সৈতে প্ৰথম যৌন মিলনত ৰক্তপাত নহ'লে মহিলাৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰে বহুতে।

এই কাৰণেই বহু তৰুণীয়ে, যিসকলে পূৰ্বতে যৌন মিলনত লিপ্ত হৈছে, তেওঁলোকে প্লাষ্টিক হাইমেন ক্ৰয় কৰাৰ প্ৰতি আগ্ৰহ দেখুৱাইছে। নকল হাইমেনৰ বাবে এটা কেপচ্যুল অনলাইনত পোৱা যায়।
Published by:Himangshu Bhuyan
First published: