মৰমৰ কিশোৰ বন্ধু–তোমাৰ সম্পৰ্ক উগ্ৰ আৰু বিপজ্জনক নে কি?

News18 Assam | News18-Assam
Updated:February 7, 2020, 10:01 PM IST
মৰমৰ কিশোৰ বন্ধু–তোমাৰ সম্পৰ্ক উগ্ৰ আৰু বিপজ্জনক নে কি?
উগ্ৰ সম্পৰ্কৰ পৰা আঁতৰত থাকক।

উগ্ৰ সম্পৰ্কৰ পৰা আঁতৰত থাকক।

  • Share this:
শালিনীয়ে (নাম সলনি কৰা হৈছে) ঘৰৰ পৰা বিদ্যালয়লৈ খোজ কাঢ়ি অহা–যোৱা কৰে। চুবুৰীৰ ল’ৰা অৰুণে প্ৰত্যেক দিনাই তাইক ঘৰৰ পৰা বিদ্যালয় আৰু বিদ্যালয়ৰ পৰা ঘৰলৈ অনুসৰণ কৰে। লাহেকৈ ল’ৰাজনে টিউচন ক্লাছলৈও অনুসৰণ কৰিবলৈ আৰম্ভ কৰে। লগৰবোৰে ল’ৰাজনৰ সৈতে শালিনীক জোকাবলৈ আৰম্ভ কৰি দিয়ে ‘প্ৰেমিক’ আখ্যা দি। এটা দিনত ল’ৰাজনে শালীনিক এখন কাৰ্ড দিয়ে য’ত লিখা আছিল, ‘মই তোমাক ভালপাওঁ!’ শালীনিৰ লগে লগে গা–মন সাতখন–আঠখন হৈ পৰে। ল’ৰাজন তাইৰ কাৰণে পগলা আছিল আৰু এগৰাকী কিশোৰীয়ে তাতকৈ বেছি কিনো বিচাৰে।

ল’ৰাজনৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে অৰুণে তাইক সকলো ঠাইত অনুসৰণ কৰিবলৈ ল’লে। নিজৰ ল’ৰা বন্ধু বা ক্লাছমেটৰ সৈতে কথা পাতিলেও তাৰ খং উঠা হ’ল। শালীনিৰ ফোন পৰীক্ষা কৰা হ’ল যাতে তাত কোনো ল’ৰাৰ মেচেজ আদি নাথাকে। টিউচনলৈ সামান্য পলম হ’লেই তাই অন্য কাৰোবাৰ সৈতে সময় কটোৱাৰ অপবাদ জাপি তাইৰ ওপৰত চিঞৰা হ’ল। ‘তোমাক লৈ সি ইমান পজেছিভ’, ‘তুমি কিমান ভাগ্যৱতী?’ একমাত্ৰ শালীনিৰ তাৰ প্ৰতি লাহে লাহে ভয় লাগিবলৈ আৰম্ভ কৰিছিল। কি কথাত বা তাৰ আকৌ খং উঠে সেই চিন্তাত স্কুলত তাই মনে মনে থাকিবলৈ লৈছিল। এসময়ৰ এজনী হাঁহি–ফূৰ্তি কৰি থকা ছোৱালীজনী নাৰ্ভাছ হৈ থকাৰ লগতে খোনাবলৈ আৰম্ভ কৰে। সপোনত সি চিঞৰ–বাখৰ কৰাৰ কাৰণে কান্দি কান্দি সাৰ পাবলৈও ধৰিলে।

এনেধৰণৰ দৃশ্যপট চিনাকী যেন লাগিছে নে কি? এটা উগ্ৰ সম্পৰ্কক ‘প্ৰেম’ৰ নাম দি আছে নে কি? যদি হয় পঢ়ক।

কৈশোৰ কাল হৈছে শৰীৰৰ বিভিন্ন হৰমোনে ক্ৰিয়া কৰাৰ সময়। শাৰীৰিক পৰিৱৰ্তন, দোমোজা আৰু খেলি–মেলি চিন্তাৰে ভৰপূৰ এই সময়। সুৰক্ষিত যৌন সম্পৰ্ক বা সুৰুচিপূৰ্ণ সম্পৰ্কক লৈ তথ্য বিচাৰি পোৱাৰ ক্ষেত্ৰত কিশোৰসকল সাধাৰণতে দিশহাৰা হয়। বিভিন্ন মাধ্যমে ছোৱালী জোকোৱা, অনুসৰণ কৰা, পজেছিভ হোৱা আৰু গৰাকীস্বত্ব আদি জাহিৰ কৰা কাৰ্যক ‘প্ৰেম’ আখ্যা দিছে। লগ বন্ধুৰ হেঁচাত প্ৰেমিক বা প্ৰেমিকা এগৰাকী বিচাৰোতে পূৰ্ব সিদ্ধ চিন্তাৰে এগৰাকী কম বয়সীয়া কিশোৰৰ মন উদ্বেলিত হৈ থাকে। বেছিভাগ ভুক্তভোগীয়ে ‘সম্পৰ্ক ভঙা’ৰ হেঁচা নলবৰ কাৰণেই অপমানজনক সম্পৰ্ক এটাকো জীয়াই ৰাখে। এইক্ষেত্ৰত অভিভাৱক আৰু সন্তানৰ মাজৰ অন্তৰালো এটা ডাঙৰ চিন্তাৰ বিষয়।

মানসিক অত্যাচাৰ বা মনোজাগতিক অত্যাচাৰক কেতবোৰ আচৰণগত দিশেৰে চোৱা হয় আৰু এজন মানুহে কেতিয়া অকলশৰীয়া, হেয় আৰু অযোগ্য অনুভৱ কৰে সেই কথা মন কৰা হয়। সম্পৰ্ক এটাত ক্ষমতা আৰু নিয়ন্ত্ৰণ বিচাৰে উগ্ৰজনে। মানসিক আঘাত এটা চৰ বা ঘোঁচা মৰাতকৈও অধিক বেদনাদায়ক হ’ব পাৰে। আহক এই‍বোৰৰ বিষয়ে কথা পাতো।

অৱমাননা

অৱমাননা মৃদু হ’ব পাৰে আৰু পাকে–প্ৰকাৰে কোৱা কথাৰ পৰাও হ’ব পাৰে। সংগীয়ে আপোনাৰ প্ৰতিটো মুহূৰ্তৰ গতি–বিধি নজৰত ৰখাৰ লগতে ক’ত আছে? কি কৰি আছে বা ফোন আদি নিয়মীয়াকৈ পৰীক্ষা কৰিব পাৰে। অপ্ৰত্যাশিতভাৱে আপোনাৰ বিচাৰ চলোৱা হ’ব পাৰে। এজন ব্যক্তিৰ সামগ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত এয়া ক্ষতিকাৰক আৰু ভুক্তভোগী এনজাইটিৰ চিকাৰ হ’ব পাৰে।

স্পষ্ট ধমকি

কেতিয়াবা ভাবুকি মৃদু নহয়। আমি সকলোৱে কুখ্যাত এচিড আক্ৰমণবোৰৰ কথা জানো আৰু যেতিয়াই ভুক্তভোগীয়ে একপক্ষীয় প্ৰেমক না কৈছে তেতিয়াই তেওঁলোক এই হিংসাৰ চিকাৰ হৈছে। বহুসময়ত সংগীয়ে আনজনক এৰি থৈ গ’লে আত্মঘাতী হোৱাৰো ভাবুকি দিয়ে।

চৰিত্ৰ হনন

এয়া হৈছে অপমানজনক সম্পৰ্কৰ অন্য প্ৰকাৰ আৰু ইয়াত ভুক্তভোগীক আৱদ্ধ কৰি লজ্জিত কৰাৰ চেষ্টা কৰা হয়। ‘যদি তুমি মোৰ সৈতে নোযোৱা তেনেহ’লে মই সকলোকে কৈ দিম আমি বিচনাত কি কৰিছিলো।’

নামেৰে মতা কাৰ্য

এজন ব্যক্তিয়ে নিজৰ সংগীক কুৎসিত, ক’লা, শকত, মূৰ্খ আৰু একেধৰণৰ কথা–বতৰাৰে গালি–শপনি পাৰিব পাৰে, আৰু আনজনে এইখিনি কথা বিশ্বাসো কৰি ল’ব পাৰে। কৈশোৰ বয়সত নিজক লৈ আত্মবিশ্বাস যথেষ্ট কম হয় আৰু এনেধৰণৰ আচৰণে মানসিক অৱসাদত ভোগাব পাৰে।

নীৰৱ চিকিৎসা

বহুসময়ত অত্যাচাৰ কৰোতাজনে যোগাযোগবিহীনতাক শাস্তি প্ৰদানৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব পাৰে। বহুসময়ত তেওঁলোকে সংগীক সম্পূৰ্ণৰূপে অৱহেলা কৰি স্বেচ্ছাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায়।

ধাৰাবাহিক সমালোচনা

‘তুমি এইটো পিন্ধিব নোৱাৰা’। ‘তুমি সেইবোৰ বন্ধুৰ সৈতে ঘুৰা–পকা কৰিব নোৱাৰা’ বা ‘তুমি তাত যাব নোৱাৰা।’আদি ব্যাক্যাংশৰে আনজন ব্যক্তিৰ আত্মসন্মান লাঘৱ কৰিবলৈ চেষ্টা কৰা হয়। ইয়াৰ দ্বাৰা এজন ব্যক্তিয়ে অসহজ অনুভৱ কৰাৰ লগতে নিজৰ বিষয়ে বেয়াকৈ ভাবিবলৈ লয়।

যৌন অত্যাচাৰ

সংগীৰ সৈতে যৌন সম্পৰ্কৰ পিছত এজন ব্যক্তিৰ মানসিক অৱস্থাৰ সুযোগ লৈ ভয়, ভাবুকি বা হিংসাৰ আশ্ৰয় লয় একাংশই। সেই সময়ত শাৰীৰিক অত্যাচাৰ বা সম্পৰ্কৰ ভিতৰত এনে ধৰণৰ ঘটনা ঘটিব পাৰে। ভয় আৰু লজ্জাৰ কাৰণে এনেবোৰ কথা গোপন হৈ থাকে।  এনেক্ষেত্ৰত ভুক্তভোগী ল’ৰা বা ছোৱালী, প্ৰাপ্তবয়স্ক বা সমলিংগীয় সম্পৰ্কত বান্ধ খাই থকা ব্যক্তি হ’ব পাৰে। ইয়াত অত্যাচাৰ চলোৱাজন সাধাৰণতে এজন নিবিড় সংগী হয়। ডেটত যাওঁতে ধৰ্ষণ, জোৰকৈ কৰা অৰেল যৌন সম্পৰ্ক, অসহজ স্পৰ্শ এই সকলোবোৰ যৌন অত্যাচাৰৰ অধীনৰ।

যদিহে আপুনি ওপৰৰ যিকোনো সমস্যাৰ সৈতে যুঁজিছে তেনেহ’লে এনে সম্পৰ্কৰ পৰা ওলাই অহাই শ্ৰেয়। এয়া সদায় সহজ নহয় কিন্তু আপুনি বিশ্বাস কৰা কাৰোবাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰক। এজন বন্ধু, সহোদৰ বা কোনো বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক লোকৰ আগত মনৰ কথা খুলি ক’ব পাৰে। সদায় মনত ৰাখিব, এয়া আপোনাৰ ভুল নহয়।

(লেখিকা সুৰভী ৰষ্টোগীয়ে বিভিন্ন সংস্থাত মানৱ সম্পৰ্কৰ বিষয়াৰূপে কৰ্মৰত আছিল। বিশ্বৰ বিভিন্ন কোম্পানী যেনে Deloitte Consulting, Coca Cola India Inc., GE Capital Europe আৰু Infosys আদিত কৰ্মৰ অভিজ্ঞতাৰে পুষ্ট সুৰভীয়ে নিজৰ সন্তানৰ সৈতে সময় কটাবলৈ এটা বিৰতি লৈছে। RedWombৰ এগৰাকী নিয়মীয়া লেখিকা।)
আৰু চাওক
পৰৱৰ্তী বাতৰি