আপুনি নিজে কেতিয়াও নাখআলেও আপুনি নিশ্চয় আপোনাৰ পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠসকলক বহুতো স্বাস্থ্যজনিত সমস্যাৰ বাবে ত্ৰিফলা (Triphala) পাউদাৰ বা গুড়ি গ্ৰহণ কৰা দেখিছে। যদি আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে বা আপোনাৰ পেটটো বেয়া হৈছে, তেন্তে ঔষধ বা আন কোনো ঘৰুৱা উপায়ৰ পৰিৱৰ্তে আপোনাৰ পিতৃ-মাতৃয়ে আপোনাক ত্ৰিফলা গ্ৰহণ কৰাটো বিচাৰিব। কিন্তু ত্ৰিফলা পাউদাৰ খোৱাৰ কেইটামান পাৰ্শ্বক্ৰিয়া আছে বুলি জানেনে? হয়, আপুনি ঠিকেই পঢ়িছে!
যুগ যুগ ধৰি আয়ুৰ্বেদিক আৰু বনৌষধি (ayurvedic and herbal remedy) হিচাপে ব্যৱহাৰ কৰি অহা ত্ৰিফলা এই তিনিটা ফল আমলখি, শিলিখা আৰু ভোমোৰা (amla, bibhutaki and haritaki) মিহলাই প্ৰস্তুত কৰা হয়। আয়ুৰ্বেদৰ মতে ত্ৰিফলা খালে কলেষ্টেৰল, ডায়েবেটিছ, ৰক্তচাপ (cholesterol, diabetes and blood pressure) আদি সমস্যা নিৰাময় কৰিব পাৰি। এই গুড়িৰ বহুতো উপকাৰিতা আছে কিন্তু যদি এইটো সাৱধানে গ্ৰহণ কৰা নহয়, তেন্তে ইয়াৰ কিছু পাৰ্শ্বক্ৰিয়াও হ’ব পাৰে। তলত সেইবোৰ চাওঁ আহক।
তেজত শৰ্কৰাৰ মাত্ৰা কমায়ত্ৰিফলাৰ ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে বুলি বিশ্বাস কৰা হয়। ডায়েবেটিছৰ ঔষধ সেৱন কৰি থকা ৰোগীয়ে ত্ৰিফলা খালে হাইপ’গ্লাইচেমিয়া হ’ব পাৰে, যাৰ ফলত তেজৰ শৰ্কৰা বহু পৰিমাণে হ্ৰাস পাব পাৰে। ডায়েবেটিছ ৰোগীয়ে ত্ৰিফালা লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ইয়াত থকা ছ’ৰবিটল আৰু মেন্থলৰ পৰিমাণে তেজৰ শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ মূল কাৰণ।
ঔষধৰ প্ৰভাৱ কমায়ত্ৰিফলাই বহুতো ঔষধৰ প্ৰভাৱ কম কৰিব পাৰে, যিয়ে লিভাৰৰ ক্ষতি কৰিব পাৰে। ই চাইট’ক্ৰ’ম পি৪৫০ নামৰ এটা গুৰুত্বপূৰ্ণ যকৃতৰ এনজাইমৰ সঠিক কাম-কাজত সমস্যাৰ সৃষ্টি কৰে।
ত্ৰিফলা খোৱাৰ আগতে কিমান পৰিমাণে গ্ৰহণ কৰিব লাগে সেই বিষয়ে জনাটো অতি প্ৰয়োজনীয়। এজন ব্যক্তিয়ে এদিনত ৫০০ মিলিগ্ৰামৰ পৰা ১ গ্ৰাম ত্ৰিফলা সেৱন কৰিব লাগে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ত্ৰিফলা গুড়ি সেৱন কৰাৰ আগতে এইবোৰ কথা বিবেচনা কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|