চাকৰি ঘূৰাই পাব পাৰে ধনৰ বিনিময়ত চাকৰি লৈ জেলৰ ভাত খোৱা ৪১ গৰাকী ACS বিষয়াই!

News18-Assam
Updated:June 6, 2019, 6:46 PM IST
চাকৰি ঘূৰাই পাব পাৰে ধনৰ বিনিময়ত চাকৰি লৈ জেলৰ ভাত খোৱা  ৪১ গৰাকী ACS বিষয়াই!
চৰকাৰে ৪১ গৰাকী ACS বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰাতো আছিল সংবিধান বিৰোধী কাৰ্য!

চৰকাৰে ৪১ গৰাকী ACS বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰাতো আছিল সংবিধান বিৰোধী কাৰ্য!

  • Share this:
আকৌ নিজৰ হেৰুওৱা চাকৰি উভতাই পাব পাৰে ৰাজ্যৰ নিলম্বিত ৪১ গৰাকী ACS বিষয়াই। অহা সপ্তাহত এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিব ন্যায়ালয়ে। অসম চৰকাৰে তেওঁলোকক নিলম্বন কৰাটো আছিল এক সংবিধান বিৰোধী কাৰ্য! বিষয়াকেইজনৰ বিৰুদ্ধে  উপযুক্ত অভিযোগনামা দাখিল কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ।

ৰাকেশ পাল বাহিনীক মেনেজ কৰি বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিষয়া কেইজনে ইতিমধ্যে ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি জেলৰ পৰা মুকলি হোৱাৰ পিছত এতিয়া আকৌ হেৰুওৱা চাকৰি উভতাই পোৱাৰ পথত অভিযুক্ত ৪১ গৰাকীকৈ ACS বিষয়া।

এতিয়া অহা সপ্তাহত স্পষ্ট হ’ব বিষয়া কেইজনে নিজৰ হেৰুওৱা চাকৰি ঘূৰাই পাবনে নাই! বিষয়া কেইজনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে প্ৰদান কৰা অভিযোগনামাকলৈও ন্যায়লয় অকৰ্ষিত হ’ব পৰা নাই বুলি চলিছে চৰ্চা।

এনেদৰে ঘোচ লৈ চাকৰি পোৱা বিষয়া কেইজনে নিজৰ হেৰুওৱা চাকৰি ঘূৰাই পাব বুলি চলা চৰ্চাই ৰাজ্য চৰকাৰৰ এক চুড়ান্ত ব্যৰ্থতাকেই যে প্ৰতিপন্ন কৰিছে, সেই লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে।
First published: June 6, 2019, 6:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি