চাকৰিয়ালৰ কাৰণে ডাঙৰ খবৰ! নতুন দৰমহা গাঁথনিৰ কাৰণে এপ্ৰিলৰ পৰা আপোনাৰ হাতলৈ অহা বেতন কমিব!

News18 Assam | News18-Assam
Updated:March 22, 2021, 2:27 PM IST
চাকৰিয়ালৰ কাৰণে ডাঙৰ খবৰ! নতুন দৰমহা গাঁথনিৰ কাৰণে এপ্ৰিলৰ পৰা আপোনাৰ হাতলৈ অহা বেতন কমিব!
চৰকাৰে ইতিমধ্যে জনাইছে যদিও এই নিয়ম সৰ্বাত্মক ৰূপে কাৰ্যকৰী কৰা নহ’ব। এই বিষয়ে চৰকাৰ আৰু উদ্যোগসমূহে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

চৰকাৰে ইতিমধ্যে জনাইছে যদিও এই নিয়ম সৰ্বাত্মক ৰূপে কাৰ্যকৰী কৰা নহ’ব। এই বিষয়ে চৰকাৰ আৰু উদ্যোগসমূহে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

  • Share this:
চাকৰিয়ালসকলৰ বাবে এটি উদ্বেগজনক খবৰ। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন লেবাৰ কোডৰ পিছত দৰমহা গাথঁনিয়ে প্ৰভাৱিত কৰিব পাৰে চাকৰিয়ালসকলক। আপুনি লাভ কৰা মৌলিক বেতনত গ্ৰেচুইটি আৰু লিভ এনকেশ্বমেণ্টৰ দৰে সুবিধাসমূহৰ ধন ৰাশি সংযোগ হোৱাৰ আশংকা কৰা হৈছে যিয়ে আপোনাৰ বৰ্তমানৰ দৰমহাত প্ৰভাৱ পেলাব পাৰে।

অৰ্থাৎ এপ্ৰিল, ২০২১ৰ পৰা মুঠ দৰমহাৰ টকাৰ পৰিমাণৰ ভিতৰত বেচিক চেলাৰী ৫০শতাংশ বা ততোধিক হ’ব। এনেকুৱাত আপোনাৰ বেচিক চেলাৰী আৰু পিএফৰ অৱদান বাঢ়িব কিন্তু টেক হোম চেলাৰী কিছু কম হ’ব পাৰে।নতুন নিয়ম বলৱৎ হোৱাৰ পিছতে এই প্ৰভাৱ দেখিবলৈ পোৱা যাব।

পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন ক্ষতিপূৰণ নিয়ম অনুসৰি বানচৰ অংশ মুঠ বেতন বা ক্ষতিপূৰণৰ ৫০% তকৈ অধিক হ’ব নোৱাৰে। ইয়াৰ অৰ্থ হ’ল যে আপোনাৰ মৌলিক বেতন ৫০% হ’ব লাগিব। এইটোৰ লগতে কোম্পানীসমূহে মৌলিক বেতনৰ অংশ বৃদ্ধি কৰিব লাগিব, যিয়ে গ্ৰেচুইটি পৰিশোধৰ লগতে প্ৰভিডেণ্ট ফাণ্ডত কৰ্মচাৰীৰ অৰিহনা সমানুপাতিকভাৱে বৃদ্ধি কৰিব।

কৰ বিশেষজ্ঞসকলৰ মতে, যদি চৰকাৰে বেতনৰ নতুন নিয়ম কাৰ্যকৰী কৰে তেনেহ’লে পি.এফ.ৰ বাবে নিৰ্ধাৰিত ৰাশিৰ পৰিমাণ বৃদ্ধি পাব। পি.এফ.ৰ বাবে আদায় দিয়া ৰাশিৰ বাবে কোম্পানীসমূহে নতুন বেতন বৃদ্ধিৰ বাবে বাজেট তৈয়াৰ কৰিবলগীয়া হ’ব পাৰে। যাৰ ফলস্বৰূপে গ্ৰেচুইটি দায়ৱদ্ধতা, বিধিবদ্ধ বোনাচ ৰিপেমেণ্ট, মেটাৰনিটি সুবিধাৰ দৰে সুবিধাসমূহত আদায় দিয়া ৰাশিৰ পৰিমাণ বৃদ্ধি পাব পাৰে যিয়ে দৰমহাৰ ৰাশিটোক যথেষ্ট প্ৰভাৱিত কৰিব।

আগতে, পি.এফ.ত অৱদান মৌলিক বেতনৰ ওপৰত নিৰ্ভৰ কৰিছিল, যাৰ ভিতৰত আছে ডি.এ. আৰু মৌলিক বেতনৰ সৈতে বিশেষ এলাৱেঞ্চ।
নতুন সংজ্ঞাৰ অধীনত, মুঠ পৰিশোধৰ ৫০ শতাংশ এতিয়া মজুৰী হিচাপে গণ্য কৰা হ'ব য'ত নিৰ্দিষ্ট বহিষ্কৰণ, যেনে এইচ.আৰ.এ., অভাৰটাইম, কমিছন, পৰিবহন, পি.এফ.ত নিয়োগকৰ্তাৰ অৱদান ইত্যাদি এনে মুঠৰ ৫০ শতাংশতকৈ অধিক। ইয়াৰ উপৰিও, নতুন কোডত লিংগ নিৰপেক্ষতা, দৰমহাৰ আগতীয়া পৰিশোধ, কামৰ সময়ৰ দিশত নিৰ্দেশনা, বিশ্ৰামৰ দিন, অভাৰটাইম পৰিশোধ, নূন্যতম মজুৰি, বিধিবদ্ধ বোনাচ আদিৰ ব্যৱস্থা কৰা হৈছে।

মৌলিক বেতনৰ সৈতে কোনবোৰ সুবিধা একত্ৰিত কৰা হ’ব আৰু কোনবোৰ সুবিধা দিয়া নহয় সেই বিষয়ে চৰকাৰে ইতিমধ্যে জনাইছে যদিও এই নিয়ম সৰ্বাত্মক ৰূপে কাৰ্যকৰী কৰা নহ’ব। এই বিষয়ে চৰকাৰ আৰু উদ্যোগসমূহে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
First published: February 10, 2021, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি