যৌতুক বিচাৰি নিৰ্যাতনঃএতিয়া মহিলাৰ যিকোনো সম্পৰ্কীয়ই তৰিব পাৰে গোচৰ

এক ঐতিহাসিক ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে কয় আইপিচিৰ ধাৰা 498Aৰ ক’তো কোৱা নাই যে অভিযোগ কেৱল নিৰ্দিষ্ট মহিলাগৰাকীয়েহে দিব পাৰিব।


Updated:May 1, 2019, 1:26 PM IST
যৌতুক বিচাৰি নিৰ্যাতনঃএতিয়া মহিলাৰ যিকোনো সম্পৰ্কীয়ই তৰিব পাৰে গোচৰ
এক ঐতিহাসিক ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে কয় আইপিচিৰ ধাৰা 498Aৰ ক’তো কোৱা নাই যে অভিযোগ কেৱল নিৰ্দিষ্ট মহিলাগৰাকীয়েহে দিব পাৰিব।

Updated: May 1, 2019, 1:26 PM IST
যৌতুক নিৰ্যাতনৰ আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায় প্ৰদান কৰে, এতিয়া ভুক্তভোগী মহিলাৰ যিকোনো আত্মীয়ই শহুৰপক্ষ আৰু স্বামীৰ বিৰুদ্ধে যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ গোচৰ তৰিব পাৰে। উচ্চতম ন্যায়ালয়ত এই ৰায় প্ৰদান কৰে বিচাৰপতি অশোক ভূষণ আৰু কে এম জোচেফে।

ন্যায়ালয়ে কয় যে আইপিচিৰ ধাৰা 498Aত কোৱা নাই যে অভিযোগ কেৱল ভুক্তভোগী মহিলাগৰাকীয়েহে দিব পাৰে। বৰঞ্চ ভুক্তভোগী মহিলাগৰাকীৰ সলনি যিকোনো ব্যক্তিয়ে অভিযোগ দাখিল কৰিব পাৰে। উল্লেখ কৰিব পাৰি যে ধাৰা 498Aৰ ব্যৱহাৰ তেতিয়া কৰা হয় যেতিয়া স্বামী বা শহুৰপক্ষই যৌতুক বিচাৰি অশান্তি কৰে।

উচ্চতম ন্যায়ালয়ৰ মতে কেতিয়াবা ভুক্তভোগী মহিলাগৰাকীৰ কাৰণে গোচৰ ৰুজু কৰোৱাটো যথেষ্ট সমস্যাৰ কাৰণ হৈ পৰে।

যিকোনো চহৰত দিব পাৰে গোচৰ

উল্লেখ কৰিব পাৰি যে এইমাহতে উচ্চতম ন্যায়ালয়ে বৈবাহিক অশান্তিত ককবকাই থকা মহিলাৰ বাবে স্বস্তিৰ ঘোষণাৰে আন এক আদেশ জাৰী কৰিছিল। আদালতে কৈছিল যে এতিয়া যৌতুক বা আন যিকোনো প্ৰকাৰৰ নিৰ্যাতনৰ বিৰুদ্ধে মহিলাসকলে দেশৰ যিকোনো প্ৰান্তত গোচৰ ৰুজু কৰিব পাৰে।

চিআৰপিচিৰ ধাৰা ১৭৭ৰ মতে যিকোনো অপৰাধজনিত বিষয়ৰ গোচৰ ঘটনা সংঘটিত হোৱা ঠাইতহে ৰুজু হ’ব পাৰে। অৰ্থাৎ কোনো মহিলাৰ ওপৰত যদি তেওঁৰ স্বামীপক্ষই অত্যাচাৰ কৰি আছে তেনেহ’লে তেওঁ একমাত্ৰ শহুৰৰ ঘৰৰ এলেকাৰ থানাতহে গোচৰ তৰিব পাৰে। বহুসময়ত নিজৰ মাকৰ ঘৰৰ এলেকাত যৌতুকজনিত গোচৰ দিবলৈ মহিলাগৰাকীয়ে ব্যাপক সমস্যাৰ সন্মুখীন হয়। উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত ৰেহাই দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি