• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অধিনায়কৰ পদ ত্যাগ, কোহলীৰ সিদ্ধান্ত সন্দৰ্ভত কি প্ৰতিক্ৰিয়া অনুস্কা শৰ্মাৰ

অধিনায়কৰ পদ ত্যাগ, কোহলীৰ সিদ্ধান্ত সন্দৰ্ভত কি প্ৰতিক্ৰিয়া অনুস্কা শৰ্মাৰ

অনুস্কাই নিজৰ ইনষ্টাগ্ৰাম পেজত কোহলীৰ পদত্যাগ পত্ৰৰ ফটো দি স্বামীৰ এই সিদ্ধান্তক সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে।

  • Share this:
অক্টোবৰত অনুস্থিত হ'ব লগা টি-২০ বিশ্বকাপৰ পিছতে ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা অব্যাহতি লোৱাৰ কথা বিৰাট কোহলীয়ে ঘোষণা কৰাৰ লগে লগে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পিছে কোহলীৰ এই সিদ্ধান্তক সম্পূৰ্ণ সমৰ্থন জনাইছে তেওঁৰ পত্নী তথা বলীউদৰ মোহময়ী অভিনেত্ৰী অনুস্কা শৰ্মাই।

অনুস্কাই নিজৰ ইনষ্টাগ্ৰাম পেজত কোহলীৰ পদত্যাগ পত্ৰৰ ফটো দি স্বামীৰ এই সিদ্ধান্তক সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে। ২০১৭ চনত বিৰাট কোহলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা অনুস্কা শৰ্মাই সামাজিক মাধ্যমত স্বামীক প্ৰায়ে উৎসাহ দি অহা পৰিলক্ষিত হৈছে। ইতিমধ্যে কোহলী আৰু অনুস্কাৰ সংসাৰলৈ এটি কন্যা সন্তানৰো আগমন ঘটিছে।

উল্লেখযোগ্য যে, ভাৰতীয় দলৰ অধিনায়কৰ সফলতাৰ হাৰৰ ক্ষেত্ৰত ইতিমধ্যে মহেন্দ্ৰ সিং ধোনীক অতিক্ৰম কৰিছে বিৰাট কোহলীয়ে। কিন্তু টেষ্ট আৰু এদিনীয়াত আৰু ভালদৰে নেতৃত্ব দিয়াৰ লগতে নিজৰ বেটিং ফৰ্ম উন্নত কৰাৰ স্বাৰ্থতেই কোহলীয়ে এই সিদ্ধান্ত লৈছে বুলি ইতিমধ্যে বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
Published by:Sanjay Kumar Das
First published: