সুনীল গাভাস্কাৰৰ ‘অভব্য’ টিপ্পণীক লৈ খঙত অগ্নিশৰ্মা অনুষ্কা শৰ্মা, ছচিয়েল মিডিয়াত এজাউৰি দিলে কোহলী পত্নীয়ে

News18 Assam | News18-Assam
Updated:September 25, 2020, 3:58 PM IST
সুনীল গাভাস্কাৰৰ ‘অভব্য’ টিপ্পণীক লৈ খঙত অগ্নিশৰ্মা অনুষ্কা শৰ্মা, ছচিয়েল মিডিয়াত এজাউৰি দিলে কোহলী পত্নীয়ে
অনুষ্কা শৰ্মাই (Anushka Sharma) নিজৰ ইনষ্টা ষ্টৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেওঁ সুনীল গাভাস্কাৰৰ শেহতীয়া টিপ্পণীক লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। গাভাস্কাৰৰ কমেন্ট্ৰীক লৈ এজাউৰি দিছে অনুষ্কাই।

অনুষ্কা শৰ্মাই (Anushka Sharma) নিজৰ ইনষ্টা ষ্টৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেওঁ সুনীল গাভাস্কাৰৰ শেহতীয়া টিপ্পণীক লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। গাভাস্কাৰৰ কমেন্ট্ৰীক লৈ এজাউৰি দিছে অনুষ্কাই।

  • News18 Assam
  • Last Updated: September 25, 2020, 3:58 PM IST
  • Share this:
মুম্বাইঃ ইউএইত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ১৩ সংখ্যক এডিশ্যন খেলা হৈছে। বৃহস্পতিবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগল’ৰ আৰু কিংছ ইলেভেন পাঞ্জাৱৰ মাজত এই টুনাৰ্মেণ্টৰ ষষ্ঠ খন মেচ খেলা হৈছে। এই মেচৰ সময়তে ৰয়েল চেলেঞ্জাৰ্ছ বেংগল’ৰৰ কেপ্তেইন বিৰাট কোহলীয়ে প্ৰত্যাশাজনক প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু মাত্ৰ এক ৰাণ কৰিয়ে আউট হয়। এই সময়চোৱাত কমেন্ট্ৰী পেনেলৰ সদস্য সুনীল গাভাস্কাৰে (Sunil Gavaskar) বিৰাটৰ পত্নী তথা বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা প্ৰসংগত এনে টিপ্পণী কৰে যে এতিয়া তেওঁ বাৰুকৈ ট্ৰ’ল হৈছে। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ অনুৰাগীয়ে গাভাস্কাৰক কমেন্ট্ৰী বক্সৰ পৰা আঁতৰাবলৈ ধাৰাসাৰ দাবী কৰিছে। গাভাস্কাৰৰ টিপ্পণীক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুষ্কা শৰ্মাইও।

অনুষ্কা শৰ্মাই নিজৰ ইনষ্টা ষ্টৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেওঁ সুনীল গাভাস্কাৰৰ টিপ্পণীক লৈ তেওঁৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। দৰাচলতে গাভাস্কাৰে কৈছিল, 'আচলতে লকডাউনত এওঁ কেৱল অনুষ্কাৰ বলক লৈয়ে প্ৰেকটিচ কৰিছিল।’ এই অভব্য টিপ্পণীক লৈ অনুষ্কা শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অনুষ্কা শৰ্মাই নিজৰ পোষ্টত লিখিছে–'মিষ্টাৰ গাভাস্কাৰ, আপোনাৰ মেচেজ যথেষ্ট বিচলিত কৰি তুলিব পৰা তথ্যৰে ভৰপূৰ। কিন্তু মই আপোনাক মাত্ৰ এটা কথাই বুজিবলৈ বিচাৰিছো যে এজন স্বামীৰ প্ৰদৰ্শনক লৈ তেওঁৰ পত্নীক দোষাৰোপ কৰাৰ ক্ষেত্ৰত কি ভাবিছিল? মই মানো যে বিগত কেইবাবছৰত আপুনি খেলক লৈ টিপ্পণী কৰোতে প্ৰত্যেক ক্ৰিকেটাৰৰ ব্যক্তিগত জীৱনক সন্মান কৰি আহিছে। আপুনি নাভাবে নে কি যে আপুনি মোৰ আৰু আমাৰ কাৰণেও সমান সন্মান দেখুৱাব লাগে?'

(photo credit: instagram/@anushkasharma)


অনুষ্কাই লগতে লিখে, 'মই বিশ্বাস কৰো যে কালি নিশা মোৰ স্বামীৰ প্ৰদৰ্শনক লৈ টিপ্পণী কৰোতে আপোনাৰ মগজুলৈ আন বহু শব্দ আৰু বাক্য আহিব পাৰিলেহেতেন। আপুনি মোৰ নামৰ ব্যৱহাৰ কৰাটো সঠিক ভাবিলে নে কি? এয়া 2020 বৰ্ষ আৰু বহু কথা মোৰ কাৰণে এতিয়াও সলনি হোৱা নাই। কেতিয়া মোক ক্ৰিকেটৰ মাজলৈ টানি নিয়া আৰু এনেধৰণৰ টিপ্পণী কৰা বন্ধ হ’ব। সন্মানীয় গাভাস্কাৰ মহাশয়, আপুনি এজন লিজেণ্ড যাৰ নাম এই খেলত এজন জেণ্টলমেন হিচাপে লোৱা হয়। মই মাত্ৰ এইটো ক’ব বিচাৰো যে আপুনি এই মন্তব্য কৰোতে মোৰ কেনে লাগিছিল।'
First published: September 25, 2020, 3:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading