• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ব্লাড কেঞ্চাৰৰ সৈতে যুঁজিছে কিৰণ খেৰে, অনুপম খেৰে ক’লে – তেওঁ যুঁজাৰু, সোনকালেই ঠিক হৈ যাব’

ব্লাড কেঞ্চাৰৰ সৈতে যুঁজিছে কিৰণ খেৰে, অনুপম খেৰে ক’লে – তেওঁ যুঁজাৰু, সোনকালেই ঠিক হৈ যাব’

অনুপম খেৰে পুত্ৰ ছিকন্দৰৰ সৈতে আজি কিৰণ খেৰৰ স্বাস্থ্যক লৈ এক দীঘলীয়া নোট শ্বেয়াৰ কৰিছে।

অনুপম খেৰে পুত্ৰ ছিকন্দৰৰ সৈতে আজি কিৰণ খেৰৰ স্বাস্থ্যক লৈ এক দীঘলীয়া নোট শ্বেয়াৰ কৰিছে।

অনুপম খেৰে পুত্ৰ ছিকন্দৰৰ সৈতে আজি কিৰণ খেৰৰ স্বাস্থ্যক লৈ এক দীঘলীয়া নোট শ্বেয়াৰ কৰিছে।

  • Share this:
বলীউদৰ অভিনেত্ৰী আৰু বিজেপি সাংসদ কিৰণ খেৰ (Kirron Kher) ব্লাড কেঞ্চাৰত আক্ৰান্ত (Kirron Kher Blood Cancer)। কিৰণ খেৰৰ স্বামী তথা জনপ্ৰিয় অভিনেতা অনুপম খেৰে (Anupam Kher) টুইটযোগে পত্নীৰ স্বাস্থ্যৰ কথা সদৰি কৰিছে।

অনুপম খেৰে পুত্ৰ ছিকন্দৰৰ সৈতে আজি কিৰণ খেৰৰ স্বাস্থ্যক লৈ এক দীঘলীয়া নোট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে, ‘‘এয়া এইবাবেই শ্বেয়াৰ কৰিছো যাতে উৰাবাতৰি বিয়পি নপৰে। মই আৰু ছিকন্দৰে এই বাৰ্তা দিব বিচাৰিছো যে কিৰণ মাল্টীপল মায়’লোমা (Multiple Myeloma), এক ধৰণৰ ব্লাড কেঞ্চাৰ (Blood Cancer)ত আক্ৰান্ত। বৰ্তমান চিকিৎসা চলি আছে আৰু আমাৰ বিশ্বাস তেওঁ পূৰ্বতকৈ অধিক শক্তিশালী হৈ ইয়াৰ পৰা মুক্ত হ’ব।’’

অনুপম খেৰে লিখিছে যে আমি ভাগ্যৱান যে তেওঁ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে। তেওঁ সদায় যুঁজাৰু। কিৰণ খেৰে যি কৰে হৃদয়েৰে কৰে। তেওঁৰ হৃদয়ত সদায় মৰম থাকে আৰু সেইবাবেই মানুহে ইমান মৰম কৰে। আপোনালোকে আপোনালোকৰ মৰমবোৰ এনেদৰেই পঠিয়াই থাকিব। তেওঁ ঠিকেই আছে আৰু ৰিক’ভাৰ কৰি আছে। আমি আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞ।
Published by:Sanjay Kumar Das
First published: