অনুপম খেৰ বোলে ‘জ’কৰ’,তেন্তে নাছিৰুদ্দিন শ্বাহ কি? ভিডিঅ’ শ্বেয়াৰ কৰি যোগ্য প্ৰত্যুত্তৰ অনুপম খেৰৰ

News18 Assam | News18-Assam
Updated:January 23, 2020, 12:52 PM IST
অনুপম খেৰ বোলে ‘জ’কৰ’,তেন্তে নাছিৰুদ্দিন শ্বাহ কি? ভিডিঅ’ শ্বেয়াৰ কৰি যোগ্য প্ৰত্যুত্তৰ অনুপম খেৰৰ
Source-Google

মোৰ তেজত আছে হিন্দুস্থান, এই কথা জানি লওকঃ অনুপম খেৰ

  • Share this:
বলীউদৰ দুগৰাকী জ্যেষ্ঠ অভিনেতাৰ মাজত এতিয়া শীতল যুদ্ধ ! অনুপম খেৰক ‘বহুৱা’ আখ্যা দিলে অভিনেতা নাছিৰুদ্দিন শ্বাহে। উল্লেখযোগ্য যে, সমগ্ৰ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে অনুপম খেৰে CAA বিৰোধী আন্দোলনক সমালোচনা কৰিছিল আৰু চৰকাৰৰ পাকিস্তান, আফগানিস্তান, বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা পাঁচটা ধৰ্মৰ লোকক নাগৰিকত্ব দিয়া সিদ্ধান্তক আদৰণি জনাইছিল।

ফলত অনুপম খেৰক তীব্ৰ সমালোচনা কৰিছিল নাছিৰুদ্দিন শ্বাহে। আনহাতে শ্বাহে JNUত উপস্থিত হোৱা দীপিকা পাডুকণক সাহসী আখ্যা দিয়ে।

এতিয়া নাছিৰুদ্দিন শ্বাহক উভতি ধৰিছে অনুপম খেৰে। এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুপম খেৰে কয় যে, ‘জনাৱ নাছিৰুদ্দিন শ্বাহলৈ মোৰ প্ৰণাম!! তেওঁ মোতকৈ ডাঙৰ, বয়সৰ ফালৰ পৰাও কৰ্মৰ ফালৰ পৰাও। মই সদায় তেখেতৰ কৰ্মৰাজীক সন্মান জনাই আহিছো আৰু জনাই যাম। মই আপোনাৰ কথা খিনি চিৰিয়াছলি লোৱা নাই। যদি মোক কিবা কৈ দুই চাৰিদিন আপুনি চৰ্চালৈ আহিব বিচাৰিছে তেন্তে মই আপোনাৰ সেই পথ ৰুদ্ধ নকৰো। ভগৱানে আপোনাক সুখত ৰাখক, মই আপোনাৰ শুভ চিন্তক। আৰু আপুনি জানেনে মোৰ তেজত কি আছে...মোৰ তেজত আছে হিন্দুস্থান, এই কথা জানি লওক।’


আৰু চাওক
পৰৱৰ্তী বাতৰি