জম্মু–কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত মৃত্যু দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জাকিৰ মুছা

জম্মু–কাশ্মীৰত সেনাৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে জম্মু–কাশ্মীৰৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী জাকিৰ মুফাক হত্যা কৰে ভাৰতীয় সেনাই।

News18-Assam
Updated:May 24, 2019, 2:00 PM IST
জম্মু–কাশ্মীৰত সেনাৰ এনকাউণ্টাৰত মৃত্যু দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জাকিৰ মুছা
জম্মু–কাশ্মীৰত সেনাৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে জম্মু–কাশ্মীৰৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী জাকিৰ মুফাক হত্যা কৰে ভাৰতীয় সেনাই।
News18-Assam
Updated: May 24, 2019, 2:00 PM IST
 

জম্মু–কাশ্মীৰত সেনাৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে জম্মু–কাশ্মীৰৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী জাকিৰ মুফাক হত্যা কৰে ভাৰতীয় সেনাই। বহুদিনৰ পৰা হিজবুল মুজাহীদিনৰ প্ৰাক্তন কামাণ্ডাৰ মুছাই অল–কায়দাৰ লগত জড়িত ‘Ansar Ghazwat-ul Hind’ নামৰ নিষিদ্ধ ঘোষিত সংগঠনৰ জৰিয়তে কাশ্মীৰৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত ইছলামিক খিলাফটৰ প্ৰচাৰ কৰি আহিছিল। A++ Category ৰ সন্ত্ৰাসবাদী মুছাই ২০১৩ চনৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত হৈ আহিছিল।

জম্মু–কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলৰ দাদচাৰা গাৱত সেনা আৰু সন্ত্ৰাসবাদীৰ লগত হোৱা সংঘৰ্ষত মুফাৰ লগতে আৰু এজন সন্ত্ৰাসবাদী নিহত হয়। সেই সময়ত দুধৰ্ষ সন্ত্ৰাসবাদী মুফাই এটা ঘৰৰ ভিতৰত লুকাই আছিল। সেনাৰ বিশেষ সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি সেই ঘৰতে মুছাক হত্যা কৰে। সেনাৰ এই অভিযানৰ পিছত এতিয়া জম্মু–কাশ্মীৰ প্ৰশাসনে সমগ্ৰ অঞ্চলটোৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। শুক্ৰবাৰে অঞ্চলটোৰ শিক্ষানুষ্ঠানো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে ইণ্টাৰনেট সেৱাও ব্যাহত কৰা হৈছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি