ভাৰতীয় ক্ৰিকেট দলে আইচিচি টেষ্ট ৰেংকিঙত শীৰ্ষ স্থান দখল কৰি আছে। আজি ঘোষণা কৰা বাৰ্ষিক আইচিচি ৰেংকিং আপডেটত বিৰাট কোহলীৰ নেতৃত্বৰ ভাৰতীয় ক্ৰিকেট দলে এটা ৰেটিং পইণ্ট লাভ কৰি ১২১ পইণ্টলৈ উন্নীত হৈ শীৰ্ষ স্থান লভিবলৈ সক্ষম হয়। বি বি চিৰ প্ৰতিবেদন মতে, ভাৰতে অষ্ট্ৰেলিয়াত তেওঁলোকৰ ক্ৰমাগত দ্বিতীয়খন টেষ্ট শৃংখলা জয় কৰিছিল। আয়োজক দল অষ্ট্ৰেলিয়াৰে ২-১ত জয়ী হোৱাৰ পিছত ঘৰুৱা স্থানত ইংলেণ্ডৰ বিৰুদ্ধে ৩-১ৰ ব্যৱধানত টেষ্ট জয়ৰ পিছতে ৰেংকিঙৰ শীৰ্ষত ভাৰতৰ স্থিতি শক্তিশালী হয়।
ইফালে, আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী নিউজিলেণ্ডে তেওঁলোকৰ নামত ১২০ পইণ্ট লাভ কৰি দ্বিতীয় স্থানত আছে। উল্লেখ্য, অহা ১৮ জুনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অনুষ্ঠিত হ'ব ইংলেণ্ডত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|