• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Ankita Konwar: অংকিতা কোঁৱৰে কৰিলে মৎস্যাসন; এই যোগাসনৰ অবিশ্বাস্য উপকাৰিতা জানি লওক

Ankita Konwar: অংকিতা কোঁৱৰে কৰিলে মৎস্যাসন; এই যোগাসনৰ অবিশ্বাস্য উপকাৰিতা জানি লওক

Ankita Konwar Matsyasana : মৎস্যাসনে মেৰুদণ্ড শক্তিশালী কৰে আৰু যিসকল লোকে প্ৰায়ে কঁকালৰ বিষৰ অভিযোগ কৰে তেওঁলোকৰ বাবে ই অতিশয় বাঞ্ছনীয়।

Ankita Konwar Matsyasana : মৎস্যাসনে মেৰুদণ্ড শক্তিশালী কৰে আৰু যিসকল লোকে প্ৰায়ে কঁকালৰ বিষৰ অভিযোগ কৰে তেওঁলোকৰ বাবে ই অতিশয় বাঞ্ছনীয়।

Ankita Konwar Matsyasana : মৎস্যাসনে মেৰুদণ্ড শক্তিশালী কৰে আৰু যিসকল লোকে প্ৰায়ে কঁকালৰ বিষৰ অভিযোগ কৰে তেওঁলোকৰ বাবে ই অতিশয় বাঞ্ছনীয়।

  • Share this:
মিলিন্দ সোমনৰ পত্নী অংকিতা কোঁৱৰ (Ankita Konwar) এগৰাকী প্ৰকৃত ফিটনেছ অনুৰাগী। অংকিতা আৰু মিলিন্দে (Ankita and Milind) প্ৰায়ে নিজৰ শৰীৰ আৰু আত্মাৰ ওপৰত মনোনিৱেশ কৰাৰ উপায় বিচাৰি পায়। ফিটনেছ যাত্ৰা আৰম্ভ কৰিব বিচৰা আমাৰ সকলোৰে বাবে অংকিতাৰ ইনষ্টাগ্ৰাম এক প্ৰেৰণা। শেহতীয়াকৈ যোগ প্ৰশিক্ষকগৰাকীয়ে এনে এটা ভংগীমা শ্বেয়াৰ কৰিছে যিয়ে মানসিক চাপ দূৰ কৰাত সহায় কৰে।

অংকিতাই নিজৰ বেলকনিত মৎস্যাসন (Matsyasana or the fish pose) কৰি থকাৰ এখন ছবি পোষ্ট কৰিছিল। মাছৰ ভংগীমা বা মৎস্যাসনটো সম্পন্ন কৰাটো অলপ কঠিন, অৱশ্যে ইয়াৰ উপকাৰিতাই ইয়াক কৰিবলৈ সকলোকো অনুপ্ৰাণিত কৰি তোলে। এই ভংগীমাৰ বিষয়ে অধিক জানোঁ আহক-




নামটোৰ দৰেই এই আসনটো কৰি থাকোঁতে আপোনাৰ শৰীৰটোৱে মাছৰ আকৃতি লয়।

হাঁপানী, ব্ৰংকাইটিছ আদি শ্বাস-প্ৰশ্বাসজনিত ৰোগত মৎস্যাসন (Matsyasana) সহায়ক বুলি বিশ্বাস কৰা হয়।

অনিয়মীয়া ঋতুস্ৰাৱত ভুগি থকা মহিলাসকলে এই আসন কৰি তেওঁলোকৰ প্ৰবাহ আৰু চক্ৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

মাছৰ ভংগীমাটোৱে কান্ধ, কঁকাল আৰু পিঠিৰ পৰাও মানসিক চাপ মুক্ত কৰে বুলি জনা যায়।

এই আসনে পেট আৰু উৰুৰ মাংসপেশী গঢ়ি তোলাৰ প্ৰমাণ পোৱা গৈছে।

ই গোটেই শৰীৰটো টানি আনে আৰু ৰক্ত সঞ্চালন উন্নত কৰে।

কেৱল শাৰীৰিকভাৱে নহয়, মৎস্যাসনে মানসিকভাৱেও শক্তিশালী অনুভৱ কৰাত সহায় কৰে। ই গোটেই শৰীৰটোক শিথিল কৰি সজীৱ কৰি তোলাত সহায় কৰে।

শেষত ক’ব পাৰি যে মাছৰ ভংগীমাটোৱে মেৰুদণ্ড শক্তিশালী কৰে আৰু যিসকল লোকে প্ৰায়ে কঁকালৰ বিষৰ অভিযোগ কৰে তেওঁলোকৰ বাবে ই অতিশয় বাঞ্ছনীয়।
Published by:Manjumoni Borah
First published: