কনভয় ৰখাই কৰ্কট ৰোগীক সহায়ৰ বাবে আগবাঢ়ি গ’ল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এচ জগমোহন ৰাড্ডী
News18-Assam Updated:June 5, 2019, 5:41 PM IST

অন্ধ্ৰপ্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ মহানুভৱতা।কনভয় ৰখাই কৰ্কট ৰোগীক সহায়ৰ হাত আগবঢ়ালে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে,দিলে ২০ লাখ টকা সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি
অন্ধ্ৰপ্ৰদেশৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ মহানুভৱতা।কনভয় ৰখাই কৰ্কট ৰোগীক সহায়ৰ হাত আগবঢ়ালে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে,দিলে ২০ লাখ টকা সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি
- News18 Assam
- Last Updated: June 5, 2019, 5:41 PM IST
কৰ্কট আক্ৰান্ত যুৱকজন এতিয়া চিকিৎসাধীন হৈ আছে হায়দৰাবাদ স্থিত বছাভটাকৰম ইণ্ডো– আমেৰিকা কেনছাৰ হস্পিটাল এণ্ড ৰিচাৰ্জ ইঞ্চটিটিউটত। পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীক জনায় যে নীৰজৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন প্ৰায় ২৫ লাখ টকা। কিন্তু আৰ্থিক ভাবে দুৰ্বল পৰিয়ালটোৱে এতিয়ালৈকে মাত্ৰ ৪০ হাজাৰ টকাহে নীৰজৰ চিকিৎসাৰ বাবে যোগাৰ কৰিব পাৰিছে।এই সকলো কথা যুৱকজনৰ পৰিয়ালৰ মুখৰ পৰা শুনাৰ পিছতে নীৰজৰ চিকিৎসাৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এচ জগমোহন ৰাড্ডীয়ে ২০ লাখ টকা সাহাৰ্য হিচাপে দিয়াৰ কথা ঘোষণা কৰে। আৰু যুৱকজনৰ চিকিৎসাৰ বাবে পৰিয়ালক সকলো ধৰণৰ সহায় কৰিবলৈ স্থানীয় প্ৰশাসনকো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।