Alert : Syndicate Bank বেংকত যদিহে আছে আপোনাৰো একাউন্ট, শীঘ্ৰেই যোগাযোগ কৰক বেংকৰ শাখাৰ সৈতে ! অন্যথা স্তব্ধ হৈ পৰিব আপোনাৰ একাউণ্টৰ লেন-দেন...

News18 Assam | News18-Assam
Updated:June 8, 2021, 4:06 PM IST
Alert : Syndicate Bank বেংকত যদিহে আছে আপোনাৰো একাউন্ট, শীঘ্ৰেই যোগাযোগ কৰক বেংকৰ শাখাৰ সৈতে ! অন্যথা স্তব্ধ হৈ পৰিব আপোনাৰ একাউণ্টৰ লেন-দেন...
চিণ্ডিকেট বেংক আৰু কানাড়া বেংকৰ একত্ৰিকৰণৰ পিছতে এতিয়া ১ জুলাইৰ পৰা সলনি হ'ব চিণ্ডিকেট বেংকৰ IFSC কোড ।

চিণ্ডিকেট বেংক আৰু কানাড়া বেংকৰ একত্ৰিকৰণৰ পিছতে এতিয়া ১ জুলাইৰ পৰা সলনি হ'ব চিণ্ডিকেট বেংকৰ IFSC কোড ।

  • Share this:
চিণ্ডিকেট বেংক (Syndicate Bank) ৰ গ্ৰাহকসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ । চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কানাড়া বেংকৰ সৈতে একত্ৰিত হোৱাৰ পিছতে এতিয়া ১ জুলাইৰ পৰা সলনি হৈ পৰিব চিণ্ডিকেট বেংকৰ IFSC কোড । এই ক্ষেত্ৰত চিণ্ডিকেট বেংক শাখাই কেৱল ৩০ জুনলৈকে বিদ্যমান IFSC কোডৰ সৈতে কাম কৰিবলৈ সক্ষম হ'ব । বেংকৰ নতুন IFSC কোড ১ জুলাইৰ পৰা কাৰ্যকৰী হৈ পৰিব । তেনেস্থলত বেংকৰ কাম-কাজ, লেন-দেনত অসুবিধাৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিবলৈ চিণ্ডিকেট বেংকৰ গ্ৰাহকসকলে এতিয়া তেওঁলোকৰ বেংক শাখাৰ পৰা ল'ব লাগিব নতুন IFSC কোড ।

বেংকে বাৰম্বাৰ সতৰ্ক কৰি আছে গ্ৰাহকক -

কানাড়া বেংকে এই সম্পৰ্কত গ্ৰাহকসকলক নিৰন্তৰ সতৰ্ক কৰি আছে। কানাড়া বেংকে ইয়াৰ অফিচিয়েল ৱেবছাইটত কয় যে চিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে একত্ৰিত কৰাৰ পিছত সকলো চিণ্ডিকেট IFSC কোড বা SYNBৰ পৰা আৰম্ভ হোৱা ১১ অংকযুক্ত আলফানিউমেৰিক IFSCকোড সলনি কৰা হৈছে।

এতিয়া হ'ব এই কোডসমূহ -

বেংকৰ মতে SYNB পৰা আৰম্ভ হোৱা সকলো IFSC ১ জুলাইৰ পৰা অচল হৈ পৰিব। বেংকে লগতে জনায় যে "আমি আপোনালোকক অনুৰোধ জনাইছো যাতে NEFT/RTGS/IMPS প্ৰেৰণ কৰাৰ সময়ত গ্ৰাহকে CNRBৰ পৰা আৰম্ভ হ'বলগীয়া নতুন IFSC ব্যৱহাৰ কৰা কৰক " ।

বেংকৰ সৈতে যোগাযোগ কৰক -

নতুন কোড লাভ কৰিবলৈ চিণ্ডিকেট বেংকৰ পুৰণি গ্ৰাহক শাখাৰ নতুন IFSC আৰু MICR কোডৰ বিষয়ে জানিবলৈ কানাড়া বেংকৰ ৱেবছাইট (http://www.canarabank.com/)লৈ যাওক। তাত তলত 'What's New' লৈ যাওক আৰু 'KIND ATTN eSYNDIATE CUSTOMERS: KNOW YOUR NEW IFSC' ত ক্লিক কৰক। ইয়াৰ উপৰিও, কানাড়া বেংকৰ গ্ৰাহক সেৱা নম্বৰ 18004250018-ত যোগাযোগ কৰিব পাৰিব ।
Published by: Kokil Sarma
First published: June 8, 2021, 4:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি