বেংকৰ পৰা ঋণ লোৱাৰ কথা ভাবিছে নেকি ? কোনটো বেংকে আনিছে ভাল খবৰ, ক'ত কম সুতৰ হাৰত দি আছে ঋণ ?

News18 Assam | News18-Assam
Updated:June 8, 2021, 3:00 PM IST
বেংকৰ পৰা ঋণ লোৱাৰ কথা ভাবিছে নেকি ? কোনটো বেংকে আনিছে ভাল খবৰ, ক'ত কম সুতৰ হাৰত দি আছে ঋণ ?
কানাড়া বেংকে ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ অফাৰ লৈ আহিছে, য'ত সস্তীয়া ঋণ (Cheap bank loan) দি থকা হৈছে ।

কানাড়া বেংকে ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ অফাৰ লৈ আহিছে, য'ত সস্তীয়া ঋণ (Cheap bank loan) দি থকা হৈছে ।

  • Share this:
বেংকৰ পৰা ঋণ লৈ আপুনিও এটা ঘৰ বা গাড়ী ক্ৰয় কৰাৰ কথা চিন্তা-চৰ্চা কৰি আছে নেকি ? যদি ভাবিছে তেন্তে আপুনি অতি সস্তা সুতৰ হাৰত ঋণ লাভ কৰিব পাৰে। কানাড়া বেংকে ইয়াৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে এক বিশেষ অফাৰ , য'ত সস্তীয়া ঋণ (Cheap bank loan) দি থকা হৈছে । টুইটযোগে এই বিষয়ে অৱগত কৰে বেংক কৰ্তৃপক্ষই । গতিকে এতিয়া আপুনি টেনচন মুক্ত হৈ ঋণ ল'ব পাৰে আৰু আপোনাৰ সপোনবোৰ পূৰণ কৰিব পাৰে ।

বেংকটোৱে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত লিখিছে যে তেওঁলোকে বৰ্তমান নিম্নতম সূতৰ হাৰত ঋণ প্ৰদান কৰি আছে । তলত দিয়া লিংকত ক্লিক কৰি https://canarabankcsis.in/canaraila/newmain.aspx আপুনি ঋণৰ বাবে আবেদন কৰিব পাৰে।

৭ জুনৰ পৰা কাৰ্যকৰী হৈছে নতুন হাৰ -

বেংকে টুইটাৰয়োগে জনায় যে বেংকে ৭.৩৫ শতাংশ (MCLR) ভিত্তিত ঋণ প্ৰদান কৰি আছে । আনহাতে ৬.৯০ শতাংশ (RLLR) হাৰতো ঋণ দিয়া হৈছে। বেংকৰ এই নতুন হাৰবোৰ চলিত মাহৰ ৭ জুনৰ পৰা
কাৰ্যকৰী হৈছে।

ঋণৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব পাৰিব -

>> এই https://canarabankcsis.in/canaraila/newmain.aspx লিংকটোত ক্লিক কৰক

>> এই লিংকটোত ক্লিক কৰিলে, আপুনি বেংকৰ অফিচিয়েল পেজত উপনীত হ'ব।
>> তাৰ পিছত আপুনি যি ধৰণৰ ঋণ ল'ব বিচাৰিব,তাৰ ওপৰত ক্লিক কৰক।
>> ইয়াত আপোনাক তিনিটা বিকল্প দিয়া হ'ব - গৃহ ঋণ, অটো ঋণ আৰু ব্যক্তিগত ঋণ
>> ইয়াত বিৱৰণ পূৰণ কৰাৰ পিছত, বেংকৰ প্ৰতিনিধিসকলে আপোনাৰ সৈতে যোগাযোগ কৰিব।
>> আপুনি এই লিংকৰ জৰিয়তে বেংক ইএমআইৰ বিষয়েও তথ্য লাভ কৰিব পাৰে।

MCLR কি ?

বেংকৰ দ্বাৰা MCLR সম্প্ৰসাৰণ বা হ্ৰাস কৰাৰ দিশটোৱে নতুন ঋণ লওতাৰ উপৰিও ২০১৬ৰ এপ্ৰিলৰ পিছত ঋণ লোৱা গ্ৰাহকসকলক প্ৰভাৱিত কৰে। ২০১৬ৰ এপ্ৰিলৰ আগতে ঋণ দিয়াৰ বাবে ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা নিম্নতম হাৰক আধাৰ হাৰ বুলি কোৱা হৈছিল। অৰ্থাৎ, বেংকবোৰে গ্ৰাহকসকলক কম হাৰত ঋণ দিব নোৱাৰিছিল । ১ এপ্ৰিল, ২০১৬ৰ পৰা বেংকিং প্ৰণালীত MCLR কাৰ্যকৰী হয় আৰু ই ঋণৰ বাবে নিম্নতম হাৰ হৈ পৰে। অৰ্থাৎ ইয়াৰ পিছত MCLRৰ আধাৰত ঋণ দিয়া আৰম্ভ কৰা হয় ।

MCLRৰ গৃহ ঋণৰ ৰিছেট ম্যাদ হৈছে ১২ মাহ আনহাতে বহু বেংকে ৬ মাহৰ ৰিছেট ম্যাদো প্ৰদান কৰে। ঋণৰ ম্যাদ ৬ মাহ বা ১ বছৰ সম্পূৰ্ণ হ'লে বেংকৰ MCLR অনুসৰি ইএমআইত পৰিৱৰ্তন কৰা হৈছে।

সাধাৰণতে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি ৬ মাহত ৰেপো ৰেটৰ সিদ্ধান্ত লয়। সেয়েহে, ৰেপো ৰেটৰ যিকোনো পৰিৱৰ্তনে গৃহ ঋণত তৎক্ষণাৎ প্ৰভাৱ পেলাব নোৱাৰে। সময়ৰ ব্যৱধানৰ বাবে সেইবোৰক ১ বছৰৰ বাবে ফিক্স ঋণ বুলি ক'ব পাৰি।
Published by: Kokil Sarma
First published: June 8, 2021, 3:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি