মুম্বাইঃ বলিউডৰ বাদশ্বাহে নিজৰ অনুৰাগীসকলৰ আগত আকৌ এবাৰ মনৰ ভাৱ শ্বেয়াৰ কৰিছে। হাস্পতালৰ বিচনাত তেওঁ আৱেগিকভাৱে যথেষ্ট অকলশৰীয়া অনুভৱ কৰিছে। কিছুদিন পূৰ্বে এটা ব্লগ লিখি তেওঁ নিজৰ একাকীত্বৰ কথা উল্লেখ কৰিছিল। এতিয়া তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিও শ্বেয়াৰ কৰি নিজৰ ভাৱনাৰ বিষয়ে উল্লেখ কৰিছে।
অমিতাভ ভিডিও শ্বেয়াৰ কৰি লিখিছে, "বাবুজীৰ কবিতাৰ সেই সময়। তেওঁ এনেকৈ কবি সন্মিলনত আবৃত্তি কৰিছিল। হাস্পতালৰ অকলশৰীয়া সময়ত তেওঁলৈ বহুত মনত পৰিছে। তেওঁৰ শব্দৰে নিজৰ শূণ্য নিশাবোৰ সজীৱ কৰিছো। ইয়াৰ লগতে তেওঁ নিজৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ এটা কবিতা নিজৰ কণ্ঠৰে পাঠ কৰি শ্বেয়াৰ কৰে।
ইয়াৰ পূৰ্বে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসা কৰাই থকা অমিতাভ বচ্চনে নিজৰ দৌৰা–দৌৰিৰ জীৱনৰ অকলশৰীয়া মুহূৰ্তত নিজৰ কলম চলাই মনৰ ভাৱ প্ৰকাশ কৰে। এই সময়চোৱাত মনলৈ অহা ভাৱনাবোৰ ব্লগৰ জৰিয়তে প্ৰকাশ কৰিছে। অমিতাভে ব্লগত কৈছে যে কোভিড–১৯ৰ চিকিৎসাই তেওঁক নিজৰ জীৱনক আনন্দেৰে চাবলৈ অনুপ্ৰাণিত কৰিছে।
যোৱা ১১জুলাইত ৭৭বছৰীয়া অমিতাভ বচ্চন, তেওঁৰ পুত্ৰ অভিষেক বচ্চনক নানাৱতী হাস্পতালৰ পৃথক ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত যোৱা শুকুৰবাৰে অমিতাভৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা বচ্চনকো সংক্ৰমণৰ কাৰণে নানাৱতী হাস্পতাললৈ স্থানান্তৰিত কৰা হৈছিল।
নিজৰ ব্লগত অমিতাভে সোমবাৰে পৃথক ৱাৰ্ডৰ একাকীত্ব আৰু ‘অৰঙে–দৰঙে’ ঘুৰি ফুৰা মনটোক লৈ মনৰ ভাৱ প্ৰকাশ কৰিছিল। তেওঁ লিখিছিল, 'এই মৌনতা আগন্তুক পদক্ষেপৰ অনিশ্চয়তা...এয়া জীৱনৰ গতিৰ এক আশ্বৰ্য। সেই সকলোবোৰ আমাৰ কাৰণে সদায় প্ৰতি পল লৈ আহে জীৱনৰ এটা এটা দিন।’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|