মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »চিবিআই তদন্তৰ দিশে সুশান্ত সিং ৰাজপুতৰ মৃত্যু! পাপ্পু যাদৱৰ পত্ৰলৈ সঁহাৰি জনাই কি ক’লে অমিত শ্বাহে?

চিবিআই তদন্তৰ দিশে সুশান্ত সিং ৰাজপুতৰ মৃত্যু! পাপ্পু যাদৱৰ পত্ৰলৈ সঁহাৰি জনাই কি ক’লে অমিত শ্বাহে?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পাপ্পু যাদৱে সুশান্তৰ মৃত্যুক লৈ বিচৰা চিবিআই তদন্তৰ অনুৰোধ পত্ৰক সঁহাৰি জনাইছে। 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পাপ্পু যাদৱে সুশান্তৰ মৃত্যুক লৈ বিচৰা চিবিআই তদন্তৰ অনুৰোধ পত্ৰক সঁহাৰি জনাইছে। 

  • Share this:
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পাপ্পু যাদৱে সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ বিচৰা চিবিআই তদন্তৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই নিৰ্দিষ্ট গোটলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰিছে।

যোৱা ১৪জুনত সুশান্তৰ মৃতদেহ বান্দ্ৰাত নিজৰ এপাৰ্টমেণ্টত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। আত্মহত্যা বুলি আৰক্ষীৰ তদন্তত পতিয়ন গ’লেও অনুৰাগীসকলৰ মতে ৩৪বছৰীয়া অভিনেতাজনক হত্যা কৰা হ’ল। নেপ’টিজমৰ পৰা আৰম্ভ কৰি বলিউডত তাৰকা নিৰ্মাতা–সন্তানে চলোৱা একচ্ছত্ৰী ৰাজত্বৰ অত্যাচাৰত এজন প্ৰতিভাৱান আৰু সফল তাৰকা হেৰাই যাবলগীয়া হোৱাটো কোনোপধ্যে মানি ল’ব খোজা নাই অনুৰাগীসকলে। অনুৰাগীসকলৰ লগতে কেইবাজনো ৰাজনীতিকে সুশান্তৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰিছিল।

বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জন অধিকাৰ পাৰ্টীৰ পাপ্পু যাদৱে চিবিআই তদন্ত বিচাৰি কৰা আৱেদনক সঁহাৰি জনায়।

যাদৱে নিজৰ অফিচিয়েল টুইটাৰ পেজত অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা লাভ কৰা পত্ৰখন আপলোড কৰে। পত্ৰখনত আছে যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কেচত চিবিআই তদন্ত বিচাৰি যাদৱে কৰা অনুৰোধ ১৬জুন, ২০২০ত পোৱা গৈছে। যিহেতু চিবিআই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ নহয় আৰু DoPT (Department of Personnel and Training) বিভাগৰ অধীনস্থ, অমিত শ্বাহে জনায় যে তেওঁ পত্ৰখন সংশ্লিষ্ট মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে।


নিজৰ টুইটত যাদৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক অধিক তৎপৰতাৰে কাৰ্য কৰিবলৈ অনুৰোধ কৰে, তেওঁ লিখে, ‘অমিতজী, আপুনি বিচাৰিলে এক মিনিটত সুশান্তৰ ঘটনাত CBI তদন্ত হ’ব পাৰে।’

ইয়াৰ পূৰ্বে সুব্ৰমনিয়াণ স্বামীয়ে সুশান্তৰ মৃত্যুত CBI তদন্ত বিচাৰিছিল। টুইটাৰত তেওঁ লিখিছিল যে তেওঁ অধিবক্তা তথা ৰাজনৈতিক বিশ্লেষক ঈশাকৰণ সিং ভাণ্ডাৰীক বিষয়টো গভীৰতাৰে চালি–জাৰি চাই CBI তদন্তৰ কাৰণে উপযুক্ত হয় নে নহয় নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছিল।




আনহাতে মুম্বাই আৰক্ষীয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ৩০জনৰো অধিক লোকৰ জৱানবন্দী ৰেকৰ্ড কৰিছে। ইয়াত তেওঁৰ পৰিয়ালৰ সদস্য, প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী, দিল বেচাৰাৰ পৰিচালক মুকেশ চাবৰা, চিনেমা পৰিচালক সঞ্জয় লীলা ভান্সালী আৰু কেইবাজনকো সোধা–পোচা কৰিছে।

শেহতীয়া বাতৰি