• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • আপুনিও ৰেচন কাৰ্ডৰ গৰাকী নেকি? মহামাৰীৰ এই জটিল সময়ত চৰকাৰৰ পৰা লাভ কৰক ৪ হাজাৰ টকা ...

আপুনিও ৰেচন কাৰ্ডৰ গৰাকী নেকি? মহামাৰীৰ এই জটিল সময়ত চৰকাৰৰ পৰা লাভ কৰক ৪ হাজাৰ টকা ...

কোৰোণা মহামাৰীৰ এই জটিল সময়ত তামিলনাডু চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । ৰেচন কাৰ্ডৰ গৰাকীসকললৈ এম. কে ষ্টেলিন চৰকাৰে আগবঢ়াইছে ৪০০০ টকা।

কোৰোণা মহামাৰীৰ এই জটিল সময়ত তামিলনাডু চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । ৰেচন কাৰ্ডৰ গৰাকীসকললৈ এম. কে ষ্টেলিন চৰকাৰে আগবঢ়াইছে ৪০০০ টকা।

কোৰোণা মহামাৰীৰ এই জটিল সময়ত তামিলনাডু চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । ৰেচন কাৰ্ডৰ গৰাকীসকললৈ এম. কে ষ্টেলিন চৰকাৰে আগবঢ়াইছে ৪০০০ টকা।

  • Share this:
ৰেচন কাৰ্ড (Ration Card) নিশ্চয় আপোনাৰো আছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে মহামাৰীৰ এই জটিল সময়ত আপুনিও লাভ কৰিব পাৰিব ৪০০০ টকা। তামিলনাডু চৰকাৰে(Tamil Nadu Government) ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলৰ বাবে ঘোষণা কৰিছে এই ধন। মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতেই এম. কে ষ্টেলিনে ৰেচনকাৰ্ড থকা লোকসকলৰ বাবে এই ধন আগবঢ়োৱাৰ কথা উল্লেখ কৰিছিল । যাৰ বাবে কোৰোণা ৰিলিফ পেকেজ হিচাপে দিয়া হৈছে এই ধন খিনি ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে এই ধনৰ পৰিমাণ এটা সাহায্য পেকেজ হিচাপে পৰিশোধ কৰাৰ বাবে অনুমোদন দিছিল। লগতে এইটোও কোৱা হৈছিল যে পৰিমাণটো নগদ ধনত দিয়া হ'ব। ইয়াৰ প্ৰথম কিস্তিৰ ধন মে' মাহত মুকলি কৰা হৈছিল । ইয়াৰ উপৰিও, দ্বিতীয় কিস্তিৰ ধনো অচিৰেই প্ৰদান কৰা হ'ব হিতাধিকাৰীসকলক।

মুখ্যমন্ত্ৰী ষ্টেলিনৰ এই সাহায্যই ৰাজ্যখনৰ ২.৭ কোটি লোকক লাভান্বিত কৰিব। ইয়াৰ উপৰিও ৰাজ্যখনৰ সকলো কোৰোণা ৰোগীক ৰাজ্যিক কৰ্মচাৰী বীমা আঁচনিৰ অধীনত বিনামূলীয়াকৈ চিকিৎসা কৰা হ'ব বুলিও ঘোষণা কৰিছিলমুখ্যমন্ত্ৰী ষ্টেলিনে । ইফালে, যোৱাটো বছৰত চৰকাৰে ২,৫০০ টকাৰ সাহায্য প্ৰদান কৰিছিল।

যোৱা বৰ্ষতো দিয়া হৈছিল ২৫০০ টকা -

তামিলনাডু চৰকাৰে যোৱা বছৰ ডিচেম্বৰত পঙ্গাল উৎসৱ উদযাপন কৰিবলৈ ২,৫০০ টকা নগদ ধন বিতৰণ কৰাৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী পালানিস্বামীয়ে সকলো ৰেচন কাৰ্ডৰ গৰাকীক চাউল সংগ্ৰহ কৰিবলৈ নগদ ২,৫০০ টকা দিয়াৰ কথা ঘোষণা কৰিছিল । লগতে এক কিলো চাউল, চেনী আৰু কুঁহিয়াৰো বিনামূলীয়াকৈ দিয়া হৈছিল।

স্মৰ্তব্য যে, এআইএডিএমকে (AIADMK) চৰকাৰে ২০১৪ চনতেই ৰাজ্যখনৰ জনসাধাৰণৰ বাবে ১ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম চেনীৰ লগতে ১০০ টকা দিয়া কাৰ্য আৰম্ভ কৰিছিল। ২০১৮ চনত এই পৰিমাণ ১,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল আৰু এতিয়া মুখ্যমন্ত্ৰী ষ্টেলিনে ইয়াক ৪,০০০ টকালৈ বৃদ্ধি কৰে।
Published by:Kokil Sarma
First published: