হলীউদৰ চিনেমাৰ চিম্বা নহয় , অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল জীৱন্ত চিম্বা

News18 Assam | News18-Assam
Updated:August 14, 2020, 1:56 PM IST
হলীউদৰ চিনেমাৰ চিম্বা নহয় , অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল জীৱন্ত চিম্বা
হলীউদৰ জনপ্ৰিয় লায়ন কিং চিনেমাখনৰ দৰেই ৰাণীয়ে এটা পোৱালি জন্ম দিলে । সেয়েহে এই সিংহ পোৱালিটোৰ নাম দিয়া হল চিম্বা । কণমানি চিম্বা, যি অতিকৈ উৎসুক আৰু দুঃসাহসী স্বভাৱৰ।

হলীউদৰ জনপ্ৰিয় লায়ন কিং চিনেমাখনৰ দৰেই ৰাণীয়ে এটা পোৱালি জন্ম দিলে । সেয়েহে এই সিংহ পোৱালিটোৰ নাম দিয়া হল চিম্বা । কণমানি চিম্বা, যি অতিকৈ উৎসুক আৰু দুঃসাহসী স্বভাৱৰ।

  • Share this:
"চিম্বা হৈছে চিৰিয়াখানাৰ কৰ্মীসকলৰ অশেষ কষ্টৰ ফল । তেওঁলোকে বহু কষ্ট কৰিছিল যাতে সিংহকেইটা চিৰিয়াখানাৰ পৰিৱেশত আৰামেৰে কোনো অসুবিধা নোহোৱাকৈ থাকিব পাৰে । আৰু যেতিয়া এজনী সিংহই পোৱালি জন্ম দিয়ে তেন্তে ইয়ে প্ৰমাণ কৰে যে সিঁহতি ইয়াত আৰামেৰে আছে আৰু সুৰক্ষিত অনুভৱ কৰিছে । চিৰিয়াখানাৰ কৰ্মীসকলে কণমানি সিংহ পোৱালিটোক খুব মৰম কৰে আৰু অধিক সময় পাৰ কৰে পোৱালিটোৰ সৈতে।", অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্যানৰ বন বিষয়া তেজা মাৰিস্বামীয়ে এনেদৰে কয় ।



গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত যোৱা ৯ জুনত জন্ম হোৱা চিম্বাৰ পিতৃ-মাতৃ হ’ল ভিকি আৰু ৰাণী নামৰ সিংহদুটা । এই কণমানি মৰম লগা সিংহ পোৱালিটো বিগত ১৫ বছৰৰ ভিতৰত অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম লাভ কৰা প্ৰথমটো এছীয় মূলৰ সিংহ পোৱালি । এই সফলতাৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষ তথা চিৰিয়াখানাৰ পৰিচাৰকসকল অতিকৈ সুখী । চিম্বাৰ দেউতাক ভিকিক হায়দৰাবাদ চিৰিয়াখানাৰ পৰা আৰু মাক ৰাণীক গুজৰাট চিৰিয়াখানাৰ পৰা জন্তু বিনিময় প্ৰগ্ৰেমৰ অধীনত গুৱাহাটীলৈ অনা হৈছিল। চিম্বাৰ জন্মৰ লগে লগেই গুৱাহাটীৰ চিৰিয়াখানাত সিংহৰ সংখ্যা তিনিটালৈ বৃদ্ধি পালে । এই ঘটনাই এছিয়া মূলৰ সিংহৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিছে। , তেজাছ মাৰিস্বামীয়ে কয় ।

অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্যানলৈ জনসাধাৰণৰ আগমন যোৱা ২৫ মাৰ্চৰ পৰাই ক’ভিড19 পৰিস্থিতিৰ বাবে বন্ধ হৈ আছে । কিন্তু তাৰ মাজটো চিম্বাৰ জন্মই অধিক সক্ৰিয় কৰি ৰাখিছে চিৰিয়াখানাৰ কৰ্মীসকলক । এই কৰ্মীসকলৰ একাংশই চিম্বাক মৰমতে তেওঁলোকৰ ভাষাৰে চমু অথবা চনা বুলিও মাতে । অনবৰতে খেলি থাকি ভালপোৱা মৰম আকলুৱা চিম্বা মাকৰ কাষতে থাকে আৰু কিছু উৎপতীয়া কামেৰে সকলোকে ব্যতিব্যস্ত কৰিও ৰাখে । লায়ন কিং চিনেমাখনত দেখাৰ দৰে চিম্বা বহু অনুসন্ধিৎসু স্বভাৱৰ আৰু সেইবাবে কৰ্মীসকলে বহু সময় কণমানি পোৱালিটোৰ সৈতে পাৰ কৰে। , তেজাছে আৰু জনায় ।

অসম ৰাজ্যিক চিৰিয়াখানাই এছিয়া মূলৰ সিংহৰ প্ৰজননৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছে । আমি বাকী কেইবাখনো চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছো সাময়িক ভাৱে এনে জন্তুৰ বিনিময় কৰি প্ৰজনন প্ৰক্ৰিয়াটো অধিক সফল কৰি তুলিবলৈ। , তেজছ মাৰিস্বামীয়ে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা তথা চিৰিয়াখানাৰ ভিতৰত জন্তুৰ প্ৰজননৰ পৰিকল্পনা সন্দৰ্ভত এনেদৰে কয় ।

"চিম্বাৰ লগতে অসম ৰাজ্যিক চিৰিয়াখানাত যোৱা ১৫ জুনত জন্ম হৈছে দুটা ঢেকিয়াপতীয়া বাঘৰ পোৱালিৰ । কাজি আৰু ধনুষ নামৰ ঢেকিয়াপতীয়া বাঘ দুটাৰ এই পোৱালি দুটা চিম্বাৰ লগৰীয়া হ’ব যদিও বৰ্তমানলৈকে তিনিওটাকে একলগ হবলৈ দিয়া হোৱা নাই। 

মতা পোৱালিটোৰ নাম চুলতান দিয়া হৈছে যদিও এতিয়ালৈকে চুলতানৰ ভনীয়েকৰ নাম দিয়া হোৱা নাই । আমি কণমানি শিশুসকলৰ সৈতে জড়িত হব পৰা এটা নামৰ সন্ধানত আছো । এই ক্ষেত্ৰত জনসাধাৰণৰ পৰাও পৰামৰ্শ আশা কৰিছো।", তেওঁ আৰু কয় । 

"এই লকডাউনটোৱে জন্তুবোৰক এটা বহু প্ৰত্যাশিত জিৰণিৰ সুযোগ দিলে । অসম ৰাজ্যিক চিৰিয়াখানাখন বহুত ডাঙৰ আৰু প্ৰাকৃতিক পৰিৱেশেৰে ভৰা । সেয়েহে এই চিৰিয়াখানাত সাধাৰণ অৱস্থাতে ঢেকিয়াপতীয়া বাঘে পোৱালি জন্ম দিবলৈ সক্ষম হল । ", চিৰিয়াখানাখনৰ মাণ্ডলিক বন বিষয়াগৰাকীয়ে এনেদৰে কয় ।

১৯৫৭ চনত গুৱাহাটীৰ হেঙেৰাবাৰী সঙৰক্ষিত বনাঞ্চলত স্থাপন কৰা অসম ৰাজ্যিক চিৰিয়াখানাখন ১৭৫ হেক্টৰ মাটিকালি জুৰি আছে । চিৰিয়াখানাখনত ১০৪০ টা বন্য জীৱজন্তু আৰু ১১২ বিধ প্ৰজাতিৰ চৰাই আছে । এইখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ডাঙৰ চিৰিয়াখানা । লকডাউনৰ সময়চোৱাত চিৰিয়াখানাখন দৰ্শনাৰ্থীসকলৰ বাবে বন্ধ হৈ আছে যদিও ইয়াৰ কামকাজসমূহ সুচাৰুভাৱে চলি আছে যাতে চিৰিয়াখানাখন পুনৰ মুকলি হলে দৰ্শকসকলে কিছু নতুনত্ব দেখিবলৈ পায় ।, তেজাছে কয়। 



"অসম ৰাজ্যিক চিৰিয়াখানা ও বটানিকেল গাৰ্ডেনখন ক’ভিড19 পৰিস্থিতি শাম কাটিলে অহা দুমাহৰ ভিতৰত খোলাৰ সম্ভাৱনা আছে । মই নিশ্চিত হৈ আছো যে চিম্বাই সকলোকে স্বাগতম জনাবলৈ সাজু হৈ থাকিব।" তেজাছ মাৰিস্বামীয়ে আৰু কয় ।
First published: August 14, 2020, 1:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি