Amazon Pay Later: আমাজন পে লেটাৰত বজাৰৰ উপৰিও মাহিলী বিল পৰিশোধ কৰিব পাৰি । বিদ্যুতৰ বিলৰ পৰা আদি কৰি ম'বাইল ৰিচাৰ্জ, ডিটিএইচ বা আন বহু বস্তুৰ ক্ষেত্ৰত ইয়াৰ সুবিধা ল'ব পাৰি।
Amazon Pay Later: আমাজন পে লেটাৰত বজাৰৰ উপৰিও মাহিলী বিল পৰিশোধ কৰিব পাৰি । বিদ্যুতৰ বিলৰ পৰা আদি কৰি ম'বাইল ৰিচাৰ্জ, ডিটিএইচ বা আন বহু বস্তুৰ ক্ষেত্ৰত ইয়াৰ সুবিধা ল'ব পাৰি।
আমাজনৰ পে লেটাৰ সেৱাই ভাৰতত এতিয়া যথেষ্ট সঁহাৰি লাভ কৰা দেখা গৈছে । কোম্পানীটোৱে কয় যে ইয়াৰ পে লেটাৰ সেৱাই ভাৰতত দুই মিলিয়নতকৈও অধিক ছাইন-আপ লাভ কৰিছে । মহামাৰীৰ মাজত আমাজনে বিগত বছৰ এপ্ৰিলত আৰম্ভ কৰিছিল এই সেৱা । আমাজনৰ এই সেৱাই ভাৰতৰ ব্যৱহাৰকাৰীসকলক সহজ কিস্তিত অত্যাৱশ্যকীয় আৰু ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰাৰ বিকল্প প্ৰদান কৰে । ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ প্ৰিয় সামগ্ৰী ইএমআইৰ জৰিয়তে বা ক্ৰয়ৰ পৰৱৰ্তী মাহত একেলগে টকা পৰিশোধ কৰিব পাৰে।
ই-কমাৰ্চ কোম্পানীটোৱে ব্যাখ্যা কৰে যে আমাজন পে লেটাৰ হৈছে এক পৰিশোধ পদ্ধতি য'ত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে সহজ ডিজিটেল ছাইন-আপ প্ৰক্ৰিয়াৰ সৈতে গ্ৰাহকসকলক তাৎক্ষণিক ক্ৰেডিট লাইন প্ৰদান কৰে। আমাজনে লগতে কয় যে এই সেৱাই ৯৯.৯ শতাংশ পৰিশোধ সফলতাৰ হাৰৰ সৈতে ১০ মিলিয়নতকৈও অধিক লেনদেন নথিভুক্ত কৰিছে।
ব্যয় ভালদৰে পৰিচালনা কৰাৰ অধিকাৰ দিয়ে -
আমাজন পে ইণ্ডিয়াৰ সঞ্চালক বিকাশ বনচালে এক বিবৃতিযোগে কয়, "আমি আমাজন পে লেটাৰত লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়াবলৈ সাজু আৰু Amazon.inত সামগ্ৰী ক্ৰয় কৰা গ্ৰাহকসকলক এক ভাৰ্চুৱেল লাইন অফ ক্ৰেডিট প্ৰদান কৰিছো। আমাজন পে লেটাৰে অন্তৰ্নিহিত সুৰক্ষা সুবিধাৰ সৈতে এক সহজ পৰিশোধ অভিজ্ঞতা প্ৰদান কৰে আৰু আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ মাহিলী ব্যয় ভালদৰে পৰিচালনা কৰিবলৈ ক্ষমতা প্ৰদান কৰে। ২০ লাখ ছাইন-আপ হৈছে গ্ৰাহকে বিশ্বাসেৰে ইয়াক আদৰি লোৱা প্ৰমাণ ।
কেৱল সামগ্ৰীয়েই নহয়, বিদ্যুতৰ বিল-মোবাইল বিল আৰু ৰিচাৰ্জলৈকে -
আমাজন পে লেটাৰক সহায়ৰ বাবে ডিজাইন কৰা হৈছে। গ্ৰাহকসকলে উচ্চ মূল্যৰ সামগ্ৰী যেনে ঘৰুৱা সঁজুলি, ইলেক্ট্ৰনিক গেজেট, দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী, গ্ৰোচাৰী আদিৰ বাবে তেওঁলোকৰ বাজেট সম্প্ৰসাৰিত কৰে, আনকি তেওঁলোকৰ মাহিলী বিল পৰিশোধ কৰে, সেয়া বিদ্যুৎ, ম'বাইল ৰিচাৰ্জ, ডিটিএইচ আৰু আন বহুতো । ইয়াৰ জৰিয়তে গ্ৰাহকসকলে আগন্তুক মাহৰ ভিতৰত পৰিশোধ কৰাৰ বিকল্প লাভ কৰিব । কোনো অতিৰিক্ত ব্যয় নোহোৱাকৈ বেংক একাউণ্টৰ জৰিয়তে সামান্য সুতৰ হাৰত ১২ মাহলৈকে সহজ EMIৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|