ভাৰতৰ আমে দখল কৰিছে বিশ্বৰ বজাৰ, বিনিয়োগ কৰি আপুনিও ঘটিব পাৰে ধন!

ভাৰতৰ আটাইতকৈ দামী আম ‘Alfonso ’ত ধন বিনিয়োগ কৰি আদায় কৰক অধিক লাভ ।

news18assam
Updated:June 2, 2019, 4:06 PM IST
ভাৰতৰ আমে দখল কৰিছে বিশ্বৰ বজাৰ, বিনিয়োগ কৰি আপুনিও ঘটিব পাৰে ধন!
ভাৰতৰ আটাইতকৈ দামী আম ‘Alfonso ’ত ধন বিনিয়োগ কৰি আদায় কৰক অধিক লাভ ।
news18assam
Updated: June 2, 2019, 4:06 PM IST
ভাৰতৰ বজাৰত আমৰ চাহিদা অত্যন্ত চকুত লগা। গ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে বজাৰত উপলব্ধ হয় ‘ফলৰ ৰজা’ আম। বিভিন্ন প্ৰজাতিৰ আমে সদায়েই আকৰ্ষিত কৰি আহিছে সকলোকে। ভাৰতৰ এটা বিশেষ প্ৰজাতিৰ আমৰ প্ৰতি এতিয়া অধিক আকৰ্ষিত হৈছে  সমগ্ৰ বিশ্ববাসী। ভাৰতৰ  ‘Alfonso ’ প্ৰজাতিৰ আমৰ ওপৰত এতিয়া ধন বিনিয়োগ কৰি আধিক লাভ উঠোৱাৰ পৰিকল্পনা কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে।



‘Alfonso’ আমৰ সন্থাই এতিয়া ৫০ হাজাৰ টকাৰ মেংগো ব্ৰেণ্ড জাৰি কৰিছে। ইয়াত ধন বিনিয়োগ কৰিলে প্ৰতি বছৰে ১০ শতাংশ হাৰত ৫ হাজাৰ টকাৰ আম ঘৰত বহিয়ে লাভ কৰিব পৰা যাব। ইতিমধ্যে দেশৰ ২০০ তকৈও অধিক লোকে এই মেংগো ব্ৰেণ্ডত বিনিয়োগ কৰিছে ধন। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ  সিন্ধুদুৰ্গ জিলাৰ দেৱগড় ‘Alfonso’ আমৰ বাবে বিশ্ব বিখ্যাত।


‘বিজনেজ নিউজ পেপাৰ’ত প্ৰকাশিত তথ্য অনুসৰি আম উৎপাদক সহকাৰী সংস্থাই আমৰ ব্ৰেণ্ড স্কিম চলায়।  ইয়াত এবাৰত ৫০ হাজাৰ টকা বিনিয়োগ কৰিব লাগে, পিছত পাঁচ বছৰ পৰ্যন্ত ৫ হাজাৰ টকাৰ আম ঘৰত বহিয়েই লাভ কৰিব বিনিযোগকাৰীয়ে। পাঁচ বছৰৰ পিছত বিনিয়োগকাৰিয়ে নিজৰ ধনৰাশি আকৌ উভতাই লাভ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি