মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »এখন চিঠিৰ বাবে অলকা য়াগনিকে পাইছিল প্ৰথমটো হিট গান

এখন চিঠিৰ বাবে অলকা য়াগনিকে পাইছিল প্ৰথমটো হিট গান

CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82

CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82

কোনটো গীতৰ জৰিয়তে বলীউদত প্ৰথম সফলতাৰ সোৱাদ পাইছিল আলকা য়াগনিকে?

  • Share this:
    অমিতাভ বচ্চনৰ ছবি ‘লাৱাৰিছ’ৰ ‘মেৰে অংগনে মে তুমহাৰা ক্যা কাম হ্যে’ গানটো আপুনি নিশ্চয় শুনিছে। আশীৰ দশকৰ এই ছুপাৰহিট গানটো আজিও মানুহৰ মাজত সিমানেই জনপ্ৰিয়। এই গানটোক নিজৰ সুমধুৰ কণ্ঠৰে অধিক মনোগ্ৰাহী কৰি তুলিছিল অলকা য়াগনিকে। এই গানটোত কণ্ঠদান কৰিয়ে বলীউদত প্ৰথমবাৰলৈ সফলতাৰ সোৱাদ পাইছিল অলকা য়াগনিকে।

    লকাই আজিও মনত পেলায় যে কল্যাণজী আনন্দজীয়ে এসময়ত কৈছিল, অলকা য়াগনিকৰ নাম ‘অংগনা য়াগনিক’ হোৱা উচিত। ৯০ৰ দশকত এটাৰ পিছত আনটো হিট গান উপহাৰ দিয়া অলকা য়াগনিকে ৬ বছৰ বয়সতে অল ইণ্ডিয়া ৰেডিঅ’ত গীত গাইছিল।
    ১০ বছৰ বয়সত মাতৃয়ে অলকা য়াগনিকক মুম্বাইলৈ লৈ আহিছিল। কিন্তু মাতৃয়ে অলকাক নিজৰ কণ্ঠ পৰিপক্ক হোৱালৈ অপেক্ষা কৰিবলৈ কৈছিল। মাকৰ এই কথাষাৰ আচৰিত লাগিছিল অলকাৰ। কিন্তু সেই অপেক্ষা বেছিদিনৰ নাছিল। সঘনাই মুম্বাইলৈ আহ–জাহ চলি থাকিল অলকাৰ।

    এবাৰ কলকাতাৰ এজন বিতৰকে অলকাৰ হাতত ৰাজ কাপুৰলৈ এখন চিঠি পঠিয়ালে। অলকাৰ কথা শুনি অনুপ্ৰাণিত হ’ল ৰাজ কাপুৰ। তেওঁৰ প্ৰখ্যাত সংগীত পৰিচালক যুটী লক্ষ্মীকান্ত প্যাৰেলাললৈ এখন চিঠি লিখিলে আৰু অলকাক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে। যেতিয়া আলকা লক্ষ্মীকান্ত প্যাৰেলালৰ ওচৰত উপস্থিত হ’ল তেতিয়াও তেওঁ দুটা বিকল্প দিলে। এতিয়াই ডাবিং আৰ্টিষ্ট হিচাপে আৰম্ভ কৰিব নে কিছুদিন পিছত গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিব। অলকাৰ মাতৃয়ে দ্বিতীয়টো পছন্দ কৰিলে।

    ১৯৮১ চনত লক্ষ্মীকান্ত প্যাৰেলালে ‘লাৱাৰিছ’ৰ গীত ‘মেৰে অংগনে মে তুমহাৰা ক্যা কাম হ্যে’ গীতটো গাবলৈ অলকাক সুবিধা দিলে। গীতটো অতি জনপ্ৰিয় হ’ল আৰু দৰ্শকৰ লগতে ছবি নিৰ্মাতাসকলৰো প্ৰথম পছন্দত পৰিণত হ’ল অলকা। এই হিট গানটো অলকাৰ দ্বিতীয়টো গীত আছিল। তেওঁৰ প্ৰথম গীত আছিল ১৯৮০ চনত মুক্তি লাভ কৰা ‘পায়েল কী ঝংকাৰ’।

    নিজৰ কেৰিয়াৰত বহু ছুপাৰহিট গীতৰ আঁৰত আছে অলকা য়াগনিকৰ যাদুকৰী কণ্ঠ। সেই সময়ত অলকাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল বলীউদৰ প্ৰতিখন ছবিৰ গীত। অলকাৰ মায়াবী কণ্ঠই মোহিত কৰিছিল প্ৰতিগৰাকী শ্ৰোতা–দৰ্শকক।

    শেহতীয়া বাতৰি