হঠাৎ ষ্টেজৰ ওপৰতে হাউ হাউকৈ কান্দিবলৈ ধৰিলে আলিয়া ভাটে! চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 2, 2019, 1:48 PM IST
হঠাৎ ষ্টেজৰ ওপৰতে হাউ হাউকৈ কান্দিবলৈ ধৰিলে আলিয়া ভাটে! চাওক VIDEO
ভগ্নী চাহিনক সাৱটি কান্দোনত ভাগি পৰিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট।

ভগ্নী চাহিনক সাৱটি কান্দোনত ভাগি পৰিল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট।

  • Share this:
নিজৰ ভগ্নী চাহিনক লৈ অত্যন্ত আৱেগিক অভিনেত্ৰী আলিয়া ভাট। যেতিয়াই চাহিনৰ বিষয়ে ক’বলগীয়া হয় তেতিয়াই বিভিন্ন আৱেগে জুমুৰি ধৰে আলিয়াক। শেহতীয়াকৈ এনেকৈ এক ঘটনাই সংঘটিত হ’ল। চাহিনক সাৱটি হাউ হাউকৈ কান্দিবলৈ ধৰিলে আলিয়াই। তাকো সকলোৰে সন্মুখত, মুকলি মঞ্চত।

দৰাচলতে মুম্বাইত ভগ্নী চাহিনৰ গ্ৰন্থ উন্মোচনী প্ৰকাশ অনুস্থানত উপস্থিত আছিল আলিয়া ভাট আৰু তেতিয়াই এই ঘটনা সংঘটিত হ’ল।

উল্লেখযোগ্য যে দীঘলীয়া সময় ধৰি মানসিক অৱসাদত আক্ৰান্ত আলিয়া ভাটৰ ভগ্নী চাহিন। আনকি মানসিক অৱসাদৰ কাৰণে আত্মহত্যা কৰাৰ অপচেষ্টাও কৰিছিল আলিয়াৰ ভগ্নীয়ে। সেই সংঘৰ্ষৰ কাৰণেই ভগ্নী চাহিনক লৈ অত্যন্ত সংবেদনশীল আলিয়া ভাট। গ্ৰন্থ উন্মোচনী সভাত সেইকাৰণে নিজৰ পাৰ ভাঙি যোৱা আৱেগ ধৰি ৰাখিব নোৱাৰিলে আলিয়াই।

চাওক ভিডিওঃ



 





View this post on Instagram




 

Emotional #AliaBhatt with sister #ShaheenBhatt for a women's seminar in Mumbai today #instadaily #ManavManglani


A post shared by Manav Manglani (@manav.manglani) on




আৰু চাওক পৰৱৰ্তী বাতৰি