• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • এই ৫টা বিষয়ৰ ওপৰত Google Search কৰি নিজৰ বিপদ নিজেই নচপাব! খালী হৈ পৰিব আপোনাৰ একাউণ্ট, সাৱধান হওক

এই ৫টা বিষয়ৰ ওপৰত Google Search কৰি নিজৰ বিপদ নিজেই নচপাব! খালী হৈ পৰিব আপোনাৰ একাউণ্ট, সাৱধান হওক

বৰ্তমান সময়ত গুগল (Google) আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আমি সকলো তথ্যৰ বাবে গুগলৰ চাৰ্চ ইঞ্জিন (Search Engine)ত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছো।

বৰ্তমান সময়ত গুগল (Google) আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আমি সকলো তথ্যৰ বাবে গুগলৰ চাৰ্চ ইঞ্জিন (Search Engine)ত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছো।

বৰ্তমান সময়ত গুগল (Google) আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আমি সকলো তথ্যৰ বাবে গুগলৰ চাৰ্চ ইঞ্জিন (Search Engine)ত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছো।

  • Share this:

বৰ্তমান সময়ত গুগল (Google) আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আমি সকলো তথ্যৰ বাবে গুগলৰ চাৰ্চ ইঞ্জিন (Search Engine)ত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছো। নজনা কথা জানিবলৈ নাইবা কিবা নতুন তথ্যৰ সন্ধান লাগিলে গুগলৰ কথা প্ৰথমে মনলৈ আহে। কিন্তু কেতিয়াবা আমি গুগল চাৰ্চত এনে কিছু বস্তু বিচাৰো যাৰ ফলত আমি লোকচানৰ সন্মুখীন হ'ব পাৰো।


গতিকে এই ৫টা বিষয়ৰ ওপৰত কেতিয়াও Google Search নকৰিব! বিপদত পৰিব পাৰে আপুনিঃ




  • Google Searchত কেতিয়াও গ্ৰাহক সেৱা নম্বৰ (Customer Care Number) সন্ধান নকৰিব। অধিক সংখ্যক লোকে গুগলত যিকোনো সেৱাৰ বাবে গ্ৰাহক সেৱাৰ নম্বৰ বিচাৰি উলিয়ায়। আৰু কেতিয়াবা চাইবাৰ অপৰাধীসকলে মানুহৰ এই অভ্যাসৰ লাভ আহৰণ কৰিবলৈ চেষ্টা কৰে।

  • বৰ্তমান সময়ত অনলাইন বেংকিং বহুলভাৱে প্ৰচাৰিত আৰু এই সেৱা গ্ৰহণ কৰিবলৈ আমি গুগলৰ সহায় লও। যদি আপুনি Googleত বেংকৰ ৱেবছাইট Search কৰে, তেন্তে ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব পাৰে। চাইবাৰ অপৰাধীয়ে বেংকৰ অফিচিয়েল ৱেবছাইটৰ দৰে ভুৱা ৱেবছাইট তৈয়াৰ কৰে আৰু প্ৰায় একেই URL সৃষ্টি কৰে। ইয়াৰ ফলত ব্যৱহাৰকাৰীৰ মাজত বিভ্ৰান্তৰ সৃষ্টি হয় আৰু হেকাৰৰ জালত সোমাই পৰে। গতিকে অনলাইন বেংকিঙৰ বাবে বেংকৰ ৱেবছাইটৰ URL টাইপ কৰিব।

  • যদি আপোনাৰ ফোনৰ বাবে এপ (App) বা ছফ্টৱেৰ (Software)ৰ প্ৰয়োজন হয়, সদায় প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰক। প্ৰায়ে দেখা যায় যে, বহুলোকে গুগলৰ পৰা এনে কিছুমান এপ ডাউনলোড কৰে যিবোৰ প্লে ষ্টোৰত পোৱা নাযায়। আমি প্ৰায়ে এটা ফাইল আৰু ছফ্টৱেৰ বা এপ ডাউনলোড কৰিবলৈ Google Searchৰ সহায় লও। এনে কৰাটো যথেষ্ট বিপদজনক হ'ব পাৰে। কিয়নো যিকোনো ভুল লিংক খোলাৰ ফলত আমাৰ কম্পিউটাৰ বা লেপটপত বিপদজনক ভাইৰাছ বা মেলৱেৰ সোমাব পাৰে। এই ভাইৰাছে আমাৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰাৰ উপৰিও কম্পিউটাৰৰ ফাইলবোৰ প্ৰভাৱিত কৰিব পাৰে।

  • প্ৰতিজন মানুহে জীৱনতো ভবা ধৰণে উপভোগ কৰিবলৈ অধিক পৰিমাণে ধন উপাৰ্জন কৰিব বিচাৰে। বহুলোকে ইয়াৰ বাবে Google Search কৰে। কিন্তু কেতিয়াও গুগলত বিনিয়োগ আৰু ধন উপাৰ্জনৰ উপায় নিবিচাৰিব। কাৰণ হেকাৰে প্ৰথমে টকা উপাৰ্জন কৰিব বিচৰা লোকসকলকেই লক্ষ্য কৰে। ইয়াৰ বাবে, তেওঁলোকে ভুৱা কোম্পানী আৰু ৱেবছাইট সৃষ্টি কৰি আপোনাক বিপদত পেলাব পাৰে।

  • এনে বহুলোক আছে যিয়ে গুগলত তেওঁলোকৰ ৰোগৰ চিকিৎসা আৰু ঔষধৰ সন্ধান কৰে। গুগলত উল্লেখ কৰা চিকিৎসা আৰু ঔষধে আপোনাৰ বাবে সঠিক কাম নকৰিব পাৰে। Google Searchত কেতিয়াও কোনো ৰোগৰ চিকিৎসা আৰু ঔষধৰ সন্ধান নকৰিব। ইয়াৰ ফলত, আপুনি ভুল ঔষধৰ তথ্য লাভ কৰিব পাৰে আৰু গ্ৰহণ কৰিব পাৰে, যি আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব।

Published by:Himangshu Bhuyan
First published: