ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ কৰোতাসকললৈ গুৰুত্বপূৰ্ণ খবৰ। যদি আপুনি ক্ৰেডিট আৰু ডেবিট কাৰ্ডেৰে ১৬মাৰ্চ, ২০২০লৈকে অনলাইন ট্ৰেনজেকশ্যন (Online Transactions) বা কনটেক্টলেচ ট্ৰেনজেকশ্যন (Contactless Transactions) নকৰে তেনেহ’লে এই সুবিধা বন্ধ হৈ পৰিব। এই সুবিধা অব্যাহত ৰাখিবলৈ আপুনি নিজৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডেৰে ১৬মাৰ্চৰ পূৰ্বে কমেও এবাৰ অনলাইন আৰু কনটেক্টলেছ ট্ৰানজেকশ্যন কৰি লওক। অন্যান্য সেৱাৰ কাৰণে আপোনাৰ ডেবিট/ক্ৰেডিট চলি থাকিব। এই নিয়ম ১৬মাৰ্চ, ২০২০ৰ পৰা নতুন কাৰ্ডৰ ক্ষেত্ৰত বলৱৎ হ’ব।
দৰাচলতে ডেবিট বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে লেন–দেনক সুৰক্ষা দিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) ১৫জানুৱাৰী, ২০২০ত এক অধিসূচনা জাৰি কৰিছিল। ইয়াত কাৰ্ড জাৰি কৰা কোম্পানী আৰু বেংকক সেই সকলোবোৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ অনলাইন লেনদেন আৰু সম্পৰ্কহীন উপভোক্তা সেৱা বন্ধ কৰিবলৈ কৈছিল য’ত অনলাইন লেনদেন কৰা হোৱা নাই।
কনটেক্টলেছ ট্ৰানজেকশ্যন কি?কনটেক্টলেচ ট্ৰানজেকশ্যনৰ সহায়ত কাৰ্ড হ’ল্ডাৰে ট্ৰানজেকশ্যনৰ কাৰণে ছোৱাইপ কৰাটো জৰুৰী নহয়। পইণ্ট অৱ চেল (PoS) মেচিনত কাৰ্ড লগালে পেমেণ্ট হয়। এটা ট্ৰানজেকশ্যনৰ এটা দিনৰ সীমা ২০০০টকা। এদিনত ৫টা কনটেক্টলেছ ট্ৰানজেকশ্যন কৰিব পাৰে। ইয়াত RFID টেকন’লজীৰ ব্যৱহাৰ কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|