অক্ষয় কুমাৰৰ ছবিলৈ ভাবুকি, মুক্তিক লৈ এতিয়া জটিলতা

News18-Assam
Updated:August 3, 2019, 7:46 PM IST
অক্ষয় কুমাৰৰ ছবিলৈ ভাবুকি, মুক্তিক লৈ এতিয়া জটিলতা
অক্ষয় কুমাৰৰ ছবিখন মুক্তিৰ সময়ত সন্মুখীন হ’ব পাৰে জটিলতাৰ। ইমানেই নহয় ছবিখনক লৈ আহিছে ধমকো।

অক্ষয় কুমাৰৰ ছবিখন মুক্তিৰ সময়ত সন্মুখীন হ’ব পাৰে জটিলতাৰ। ইমানেই নহয় ছবিখনক লৈ আহিছে ধমকো।

  • Share this:
চলিত বৰ্ষত কেইবাখনো ছবিৰ কামত ব্যস্ত অক্ষয় কুমাৰ। বিগ বাজেটৰ কমেডী ছবি ‘হাউছ ফুল ৪’ৰ লগতে পোহৰলৈ আহিছে ‘গুড নিউজ’ৰ দৰে ছবিৰ কামত ব্যস্ত থকাৰ কথা। তেখেতৰ মিছন মংগল নামৰ অন্যতম ছবিখনো মুক্তিৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। পিছে এই ছবিখনক লৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। প্ৰাপ্ত খবৰ অনুসৰি ছবিখন মুক্তিৰ সময়ত সন্মুখীন হ’ব পাৰে জটিলতাৰ। ইমানেই নহয় ছবিখনক লৈ আহিছে ভাবুকি।



অক্ষয় কুমাৰৰ ছবি মিছন মংগল অহা ১৫ আগষ্টত মুক্তি লাভ কৰাৰ কথা। পিছে মুক্তিৰ পূৰ্বে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ ফিল্ম ডিভিজনৰ অধ্যক্ষ অমিয় খ’পকৰে ছবিখনক লৈ মুকলিভাৱে হুংকাৰ দিছে। এখন কাকতত প্ৰকাশিত বাতৰি অনুসৰি অমিয় খ’পকৰে কয় যে তেওঁ অক্ষয় কুমাৰৰ ছবি পছন্দ কৰে, অক্ষয় কুমাৰৰ অনুৰাগী হয় আৰু অক্ষয় কুমাৰৰ কেইবাখনো ছবি উপভোগ কৰিছে তেওঁ।

লগতে তেওঁ আৰু কয় যে যদি ছবিখন হিন্দী ভাষাতে মুক্তি দিয়া হয় তেন্তে অক্ষয় কুমাৰ অভিনীত মিছন মংগলৰ নিৰ্মাতাক লৈ কোনো আপত্তি নাই, কিন্তু যদিহে এই ছবিখন মাৰাঠী ভাষাত ডাবিং কৰি মুক্তি দিয়ে তেন্তে ছবিখন মুক্তি দিবলৈ নিদিও। আৰু এই বিষয়টোত চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ ফিল্ম ডিভিজনৰ অধ্যক্ষগৰাকীয়ে।
First published: August 3, 2019, 7:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading