পাকিস্তানৰ সৈতে যুদ্ধৰ ওপৰত নিৰ্মাণ হ’ব ছবি

এইগৰাকী বায়ুসেনাৰ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগণে

Dulu Medhi | news18assam
Updated:April 16, 2019, 4:52 PM IST
পাকিস্তানৰ সৈতে যুদ্ধৰ ওপৰত নিৰ্মাণ হ’ব ছবি
এইগৰাকী বায়ুসেনাৰ চৰিত্ৰত অভিনয় কৰিব অজয় দেৱগণে
Dulu Medhi | news18assam
Updated: April 16, 2019, 4:52 PM IST
বছৰটোৰ আৰম্ভনিতে পাকিস্তানৰ পৰা উভতি অহা বায়ুসেনাৰ বীৰ পাইলট অভিনন্দন বৰ্ধমানৰ ওপৰত ছবি নিৰ্মাণক লৈ চৰ্চা চলিছিল। ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত কৰা এয়াৰ ষ্ট্ৰাইকৰ পিছত বায়ুসেনাৰ ওপৰত ছবি নিৰ্মাণৰ কথা প্ৰায় নিশ্চিত আছিল। কিন্তু এতিয়া অভিনন্দন নহয়, এই ছবিৰ পূৰ্বে ১৯৭১ চনৰ ভাৰত–পাকিস্তান যুদ্ধৰ কাহিনীক লৈ নিৰ্মাণ হ’ব এখন ছবি য’ত অভিনয় কৰিব অজয় দেৱগণে।

অজয় দেৱগণ কেইবাখনো ছবিত আৰক্ষী বিষয়া আৰু সেনা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু এইবাৰ তেওঁ বায়ুসেনাৰ যুঁজাৰু বিমানৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। অজয় দেৱগণে স্কোৱাড্ৰন লীডাৰ বিজয় কাৰ্ণিকৰ চৰিত্ৰত অভিনয় কৰিব এই ছবিখনত। বিজয় আৰু তেওঁৰ দলে ১৯৭১ৰ যুদ্ধৰ সময়ত গুজৰাটৰ ভুজত থকা ৰানৱে’ মেৰামতি কৰি ভাৰতক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অগ্ৰগতি প্ৰদান কৰিছিল।

ভুজত ৰানৱে’ত পাকিস্তানী বায়ুসেনাই বোমা নিক্ষেপ কৰাৰ ফলত তচনচ হৈ পৰিছিল। বিজয় কাৰ্ণিকে ভুজলৈ গৈ সমীপৰ গাঁৱৰ পৰা প্ৰায় ৩০০ গৰাকী মহিলাস সহায়ৰ বাবে মাতিলে আৰু কিছু সময় পিছতে ৰানৱে’টো সক্ৰিয় কৰি তোলে।

যদি আপোনাৰ মনত আছে তেন্তে ১৯৯৭ত মুক্তি পোৱা পি দত্তৰ ‘ব’ৰ্ডাৰ’ ছবিখনত জেকী শ্ৰফে কৰা চৰিত্ৰটো বিজয় কাৰ্ণিকৰ ওপৰতে আধাৰিত আছিল। তেওঁক যুদ্ধৰ পৰিস্থিতিলৈ লক্ষ্য কৰি বিমানবন্দৰটো সুচাৰুৰূপে পৰিচালনাৰ বাবে ছানী দেউলৰ সৈতে এখন বিমানত গুজৰাটলৈ পঠিওৱা দেখা গৈছিল। স্কোৱাড্ৰন লীডাৰ বিজয় কাৰ্ণিকে 50 IAF বিষয়া আৰু 60 Defence Security Corpsৰ জোৱানৰ সৈতে এই এয়াৰবেছটো পাকিস্তানৰ ধাৰাসাৰ বোমা বিস্ফোৰণৰ পিছতো সক্ৰিয় কৰি ৰাখিছিল।

বিজয় কাৰ্ণিকৰ ওপৰত এই ছবিখন টি ছিৰিজৰ ভূষণ কুমাৰে নিৰ্মাণ কৰি আছে। বিজয়ে কৈছিল যে এই আক্ৰমণত যদি গাঁৱৰ কোনো মহিলাৰ মৃত্যু হ’লহেঁতেন তেন্তে সেয়া আটাইতকৈ ডাঙৰ ক্ষতি হ’লহেঁতেন। আমি তেওঁলোকক সম্পূৰ্ণৰূপে প্ৰশিক্ষণ দিছিলো আৰু তেওঁলোকে সাহসিকতাৰে আমাৰ সৈতে আছিল। লগতে এই চৰিত্ৰটোৰ বাবে অজয় দেৱগণতকৈ ভাল আন কাকো নালাগিব বুলিও কয় তেওঁ।
আৰু চাওক পৰৱৰ্তী বাতৰি