বলীউদৰ তাৰকা অভিনেতা অজয় দেৱগনৰ কন্যা ন্যাসা দেৱাগন। নৃত্য কৰি অত্যন্ত ভালপায় ন্যাসাই। ছচিয়েল মিডিয়াতো প্ৰায়ে আপলোড কৰে ভিডিও। এটা সময়ত টিকটকতো নৃত্য ভিডিও প্ৰস্তুত কৰি চৰ্চিত হৈছিল ন্যাসা।
বলীউদত যদিও প্ৰৱেশ কৰা নাই, তথাপিও এইগৰাকী ষ্টাৰ কিডৰ আছে বহু ফলোৱাৰ্চ। শেহতীয়াকৈ ন্যাসা আকৌ চৰ্চিত হৈ পৰিছে। নৃত্য কৰি থকাৰ মাজতে অজয়ৰ কন্যাই প্ৰচণ্ড চৰ সোধালে বান্ধৱীৰ গালত।
শেহতীয়াকৈ ইনষ্টাগ্ৰামত আপলোড কৰা এটা ভিডিওত দেখা গৈছে যে, ন্যাসাই নৃত্য কৰি থকাৰ মাজতে ভুলতে বান্ধৱীৰ গালত চৰ সোধায়। পিছত এই ঘটনাকলৈ দুয়োকে হঁহাও দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণ ধেমালীৰ চলেৰে আচলতে ঘটি যায় এই ঘটনাতো।
ন্যাসাই বৰ্তমান ছিংগাপুৰত থাকি পঢ়া-শুনা কৰে। ন্যাসা, অজয় আৰু কাজলৰ ডাঙৰ কন্যা। ১১ বছৰীয়া য়োগ নামেৰে আছে অজয় দেৱগনৰ এটি পুত্ৰ সন্তানো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|