உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • নতুন বছৰৰ আৰম্ভণিতে AIRTELএ নিজৰ গ্ৰাহকক দিছে বেয়া খবৰ!

    নতুন বছৰৰ আৰম্ভণিতে AIRTELএ নিজৰ গ্ৰাহকক দিছে বেয়া খবৰ!

    Source-Google

    Source-Google

    নতুন বছৰত কলিঙৰ বাবে ভৰিব লাগিব পূৰ্বতকৈ অধিক পইচা

    • Share this:
    নতুন বছৰৰ আৰম্ভণিতে ভাৰতী এয়াৰটেলে নিজৰ গ্ৰাহকসকলক দিছে বেয়া খবৰ।  নতুন বছৰত কলিঙৰ বাবে ভৰিব লাগিব পূৰ্বতকৈ অধিক পইচা। দ্বিতীয়বাৰৰ বাবে এয়াৰটেলে বৃদ্ধি কৰিলে কল ৰেট। কোম্পানীটোৱে সকলো বেছ পেকৰ দৰৰ সালসলনি ঘটাইছে।

    বিশেষকৈ, ন্যূনতম ৰিচাৰ্জৰ কথা ক’বলৈ গ’লে এতিয়া এয়াৰটেলৰ গ্ৰাহকে নেটৱৰ্কৰ সৈতে জড়িত হৈ থাকিবলৈ অতি কমেও ৪৫ টকাৰ ৰিচাৰ্জ কৰিব লাগিব। এই প্লেনৰ ভেলিডিটী ২৮ দিনৰ। ইয়াৰ পূৰ্বে গ্ৰাহকে ন্যূনতম ৩৫ টকাৰ ৰিচাৰ্জ কৰিব লাগিছিল। অৰ্থাৎ পূৰ্বতকৈ ১০ টকা বৃদ্ধি পালে এই হাৰ।

    ইয়াৰ উপৰি সকলো বেছ কলৰ হাৰ বৃদ্ধি কৰিছে এয়াৰটেলে। এতিয়া গ্ৰাহকে কল কৰাৰ বাবে অতি কমেও ১.৫০ টকা প্ৰতি মিনিটত ভৰিব লাগিব। অৰ্থাৎ ২.৫ পইচা প্ৰতি ছেকেণ্ডত ভৰিব লাগিব। লগতে এয়াৰটেলে SMSৰ দামো বৃদ্ধি কৰিছে। প্ৰতিটো SMSৰ বাবে এতিয়া ১ টকা আৰু STD SMSৰ বাবে ১.৫০ টকা ভৰিব লাগিব। ইয়াৰ পূৰ্বে ৪ ডিচেম্বৰত টেলিকম কোম্পানীটোৱে টেৰিফ প্লেন ৪০ শতাংশলৈ বৃদ্ধি।
    Published by:Himangshu Bhuyan
    First published: