ভাৰতী এয়াৰটেলৰ গ্ৰাহকসকলে নতুন বছৰৰ পূৰ্বে কলিঙৰ বাবে ভৰিব লাগিব পূৰ্বতকৈ অধিক পইচা। দ্বিতীয়বাৰৰ বাবে এয়াৰটেলে বৃদ্ধি কৰিলে কল ৰেট। কোম্পানীটোৱে সকলো বেছ পেকৰ দৰৰ সালসলনি ঘটাইছে। আজিৰে পৰা কাৰ্যকৰী হৈছে নতুন হাৰ।
বিশেষকৈ, ন্যূনতম ৰিচাৰ্জৰ কথা ক’বলৈ গ’লে এতিয়া এয়াৰটেলৰ গ্ৰাহকে নেটৱৰ্কৰ সৈতে জড়িত হৈ থাকিবলৈ অতি কমেও ৪৫ টকাৰ ৰিচাৰ্জ কৰিব লাগিব। এই প্লেনৰ ভেলিডিটী ২৮ দিনৰ। ইয়াৰ পূৰ্বে গ্ৰাহকে ন্যূনতম ৩৫ টকাৰ ৰিচাৰ্জ কৰিব লাগিছিল। অৰ্থাৎ পূৰ্বতকৈ ১০ টকা বৃদ্ধি পালে এই হাৰ।
ইয়াৰ উপৰি সকলো বেছ কলৰ হাৰ বৃদ্ধি কৰিছে এয়াৰটেলে। এতিয়া গ্ৰাহকে কল কৰাৰ বাবে অতি কমেও ১.৫০ টকা প্ৰতি মিনিটত ভৰিব লাগিব। অৰ্থাৎ ২.৫ পইচা প্ৰতি ছেকেণ্ডত ভৰিব লাগিব। লগতে এয়াৰটেলে SMSৰ দামো বৃদ্ধি কৰিছে। প্ৰতিটো SMSৰ বাবে এতিয়া ১ টকা আৰু STD SMSৰ বাবে ১.৫০ টকা ভৰিব লাগিব। ইয়াৰ পূৰ্বে ৪ ডিচেম্বৰত টেলিকম কোম্পানীটোৱে টেৰিফ প্লেন ৪০ শতাংশলৈ বৃদ্ধি কৰিছিল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|