ভাৰতীয় এয়াৰটেলে ঘোষণা কৰিছে নতুন প্লেন। ১৭৯ টকাৰ প্ৰিপেইড পেক মুকলি কৰিছে কোম্পানীটোৱে। এই পেকৰ সৈতে ভাৰতী এক্সা লাইফ ইঞ্চুৰেন্সৰ ২ লাখ টকাৰ জীৱন বীমা অন্তৰ্ভুক্ত আছে।
কোম্পানীটোৱে কৈছে যে ১৭৯ টকাৰ এই প্ৰিপেইড পেকৰ জৰিয়তে যিকোনো নেটৱৰ্কত আনলিমিটেড কল, ২ জিবি ডাটা, ৩০০ এছএমএছ আৰু ভাৰতীয় এক্সা লাইফ ইঞ্চুৰেন্সৰ ২ লাখ টকাৰ বীমা লাভ কৰিব।
এই পেকৰ ভেলিডিটী হ’ব ২৮ দিন। কোম্পানীটোৰ মতে, ১৮ বছৰৰ পৰা ৫৪ বছৰ বয়সৰ লোকেহে লাভ কৰিব এই বীমাৰ সুবিধা। ইয়াৰ বাবে কোনো ধৰণৰ নথি–পত্ৰ বা স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন নহয়। বীমা পলিচী বা প্ৰমাণপত্ৰ শীঘ্ৰে ডিজিটেল মাধ্যমেৰে প্ৰেৰণ কৰা হ’ব।