টেলিকম কোম্পানী এয়াৰটেলে গ্ৰাহকসকললৈ আনিছে ভাল খবৰ। কোম্পানীটোৱে গ্ৰাহকলৈ ৫৯৯ টকাৰ প্লেনৰ সৈতে ৪ লাখ টকাৰ জীৱন বীমা দিয়াৰ ঘোষণা কৰিচে। ইয়াৰ বাবে এয়াৰটেলে Bharti AXA Life Insuranceৰ অংশীদাৰ হৈছে। প্ৰথমে এই প্লেন কেৱল তামিলনাডু আৰু পুডুচেৰীৰ বাবে উপলব্ধ কৰোৱা হৈছিল, এতিয়া দিল্লীসহ কেইবাখনো ৰাজ্যত এই সুবিদা প্ৰদান কৰা হৈছে। কোম্পানীটোৰ এজন বিষয়াই কয় যে লাহে লাহে দেশজুৰি এই আঁচনি উপলব্ধ হ’ব।
এয়া লাইফ কভাৰ টাৰ্ম ইঞ্চুৰেঞ্চৰ দৰে হ’ব, য’ত মৃত্যুৰ পিছত নমিনীয়ে পাব বীমাৰ ধন। টাৰ্ম ইঞ্চুৰেঞ্চ প্লেনত মেচ্যুৰিটী ভেল্যু নাথাকে। ইয়াৰ বাবে পৃথককৈ প্ৰিমিয়াম ভৰিব নালাগে।
এই বীমাৰ সুবিধা পাবলৈ গ্ৰাহকে প্ৰথমে ৰিচাৰ্জ কৰাৰ পিছত SMS, এয়াৰটেল থেংকছ এপ বা এয়াৰটেল ৰিটেইলৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব লাগিব। ৫৯৯ টকাৰ এই প্লেনত গ্ৰাহকে প্ৰতিদিনে ২ জিবি ডাটা লাভ কৰিব। লগতে যিকোনো নেটৱৰ্কলৈ আনলিমিটেড কল, প্ৰতিদিনে ১০০ SMS আৰু Bharti AXA Life Insuranceৰ ফালৰ পৰা ৪ লাখ টকাৰ বীমা প্ৰদান কৰা হ’৸ব।
এই বীমা ১৮ৰ পৰা ৫৪ বছৰ বয়সৰ লোকৰ বাবেহে উপলব্ধ হ’ব আৰু ইয়াৰ বাবে কোনো ধৰণৰ মেডিকেল পৰীক্ষা বা কাগজ–পাতিৰ প্ৰয়োজন নহয়। সকলো কাম ডিজিটেলী হ’ব আৰু ইঞ্চুৰেঞ্চৰ চাৰ্টিফিকেট ডিজিটেলী লাভ কৰিব গ্ৰাহকে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|