কাশ্মীৰী পণ্ডিতৰ আধাৰত নিৰ্মিত ছবি ‘শিকাৰা’ চাই চকুপানী টুকিলে লালকৃষ্ণ আদৱানীয়ে

News18 Assam | News18-Assam
Updated:February 8, 2020, 6:17 PM IST
কাশ্মীৰী পণ্ডিতৰ আধাৰত নিৰ্মিত ছবি ‘শিকাৰা’ চাই চকুপানী টুকিলে লালকৃষ্ণ আদৱানীয়ে
বিধু বিনোদ চোপ্ৰা ফিল্মছে লালকৃষ্ণ আদৱানীৰ এই বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰে

বিধু বিনোদ চোপ্ৰা ফিল্মছে লালকৃষ্ণ আদৱানীৰ এই বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰে

  • Share this:
মুক্তি পালে পৰিচালক বিধু বিনোদ চোপ্ৰাৰ নতুন ছবি ‘শিকাৰা– এ ল’ভ লেটাৰ ফ্ৰম কাশ্মীৰী পণ্ডিত’। ১৯৯০ চনৰ আশে পাশে কাশ্মীৰৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱা কাশ্মীৰী পণ্ডিতৰ কাহিনীৰ আধাৰত নিৰ্মিত হৈছে ‘শিবিকাৰা’ ছবিখন। মু্ক্তিৰ পূৰ্বে ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছিল। য’ত উপস্থিত আছিল দেশৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী, বিজেপিৰ বৰ্ষিয়ান নেতা লালকৃষ্ণ আদৱানী আছিল।

ছবিখনত চাই কাশ্মীৰী পণ্ডিত সকলৰ দুখ, দুৰ্বিসহ জীৱন দেখি চকুপানী ধৰি ৰাখিব নোৱাৰিলে লালকৃষ্ণ আদৱানীয়ে। পিছত পৰিচালক বিধু বিনোদ চোপ্ৰাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে সেই বিশেষ ভিডিঅ’টো।





বিধু বিনোদ চোপ্ৰাই পৰিচালনা কৰা ছবিখন যোৱা ৭ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰে। বিনোদ চোপ্ৰা ফিল্মছৰ বেনাৰত নিৰ্মিত হোৱা ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে বিধু বিনোদ চোপ্ৰাই নিজে। ‘Our Moon has blood clots’ গ্ৰন্থৰ আধাৰত ৰচনা কৰা হৈছে ছবিখনৰ কাহিনী।

ছবিখনৰ ট্ৰেইলাৰ

আৰু চাওক
পৰৱৰ্তী বাতৰি