অত্যাধিক ওখ হোৱাই কাল হ’ল! নিশা কটাবলৈ দুদিন ধৰি বিচাৰি নাপালে এখনো হোটেল!

মানুহজনৰ উচ্চতা প্ৰায় ৮ ফুট ৪ ইঞ্চি। আফগানিস্তানৰ ক্ৰিকেট খেল চাবলৈ আহি অথন্তৰ লোকজনৰ। হোটেলৰ কৰ্তৃপক্ষই কোৱা মতে, তেখেতৰ উচ্চতাৰ ৰুমৰ অভাৱ হোটেলত!

News18-Assam
Updated:November 6, 2019, 4:21 PM IST
অত্যাধিক ওখ হোৱাই কাল হ’ল! নিশা কটাবলৈ দুদিন ধৰি বিচাৰি নাপালে এখনো হোটেল!
মানুহজনৰ উচ্চতা প্ৰায় ৮ ফুট ৪ ইঞ্চি। আফগানিস্তানৰ ক্ৰিকেট খেল চাবলৈ আহি অথন্তৰ লোকজনৰ। হোটেলৰ কৰ্তৃপক্ষই কোৱা মতে, তেখেতৰ উচ্চতাৰ ৰুমৰ অভাৱ হোটেলত!
News18-Assam
Updated: November 6, 2019, 4:21 PM IST
লক্ষ্ণৌত অনুষ্ঠিত হোৱা আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ক্ৰিকেট মেচ চাবলৈ আহিছিল এগৰাকী আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী। কিন্তু লক্ষ্ণৌত উপস্থিত হোৱাৰ পিছতে অসুবিধাত পৰে লোকজন। নিশাটো কটাবলৈ চহৰ খনত এখনো হোটেল বিচাৰি নাপালে লোকজনে। যি কেইখন হোটেল পাইছিল তাতো কোনেও নিদিলে আশ্ৰয়। পিছত লোকজন উপস্থিত হ’ল আৰক্ষী চকীত। লোকজনক কিয় কোনো এখন হোটেলে নিদিলে আশ্ৰয়, তাৰ কাৰণটো অত্যন্ত সুকীয়া! অত্যাধিক ওখ হোৱাৰ বাবেই লোকজনলৈ নোলাল এখন হোটেল!

ব্যক্তিজনৰ নাম চেৰ খান। উচ্চতা প্ৰায় ৮ ফুট ৪ ইঞ্চি। সোমবাৰৰ পৰাই লোকজনে থাকিবলৈ হোটেল বিচাৰি আছিল যদিও সকলোতে বিমুখ হোৱাৰ পিছত আৰক্ষীৰ কাষ চপা ব্যক্তিজনে পিছত আৰক্ষীৰ সহায়ত যেনে যেনে এটা ৰুম যোগাৰ কৰিবলৈ সক্ষম হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি