• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ব্ৰঞ্জৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে শিৱসাগৰৰ অধ্যাপ্ৰিয়া দত্তই, বিহু নৃত্যৰে জিনিলে জগত

ব্ৰঞ্জৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে শিৱসাগৰৰ অধ্যাপ্ৰিয়া দত্তই, বিহু নৃত্যৰে জিনিলে জগত

২০১৭-১৮ চনতে  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালযৰ জলপানী লাভ কৰা নৃত্য পটিয়সী অধ্যাপ্ৰিয়া দত্তই  নৃত্যৰ উপৰি খোল বাদন, চিত্ৰাংকন আদিৰ যোগেদিও প্ৰতিভাৰ উমান দিছে ।

২০১৭-১৮ চনতে  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালযৰ জলপানী লাভ কৰা নৃত্য পটিয়সী অধ্যাপ্ৰিয়া দত্তই  নৃত্যৰ উপৰি খোল বাদন, চিত্ৰাংকন আদিৰ যোগেদিও প্ৰতিভাৰ উমান দিছে ।

২০১৭-১৮ চনতে  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালযৰ জলপানী লাভ কৰা নৃত্য পটিয়সী অধ্যাপ্ৰিয়া দত্তই  নৃত্যৰ উপৰি খোল বাদন, চিত্ৰাংকন আদিৰ যোগেদিও প্ৰতিভাৰ উমান দিছে ।

  • Share this:
শিৱসাগৰ গণকপটিৰ নিবাসী  অধ্যাপ্ৰিয়া দত্ত নামৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ ভাৰত চৰকাৰে  অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় "কলা উৎসৱ" প্ৰতিযোগিতাত বিহু নৃত্য প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয় আৰু শিক্ষা বিভাগৰ এনচিইআৰটি (NCERT)ৰ অধীনত আয়োজন কৰা হৈছিল এই কলা উৎসৱ প্ৰতিযোগিতা।

ত্ৰৈলোক্য দত্তৰ কন্যা অধ্যাপ্ৰিয়া দত্তই  ৩১খন ৰাজ্যৰ প্ৰতিযোগীৰ মাজৰ পৰা ব্ৰঞ্জৰ পদক লাভেৰে মান ৰাখিলে অসমৰ।

কভিড পৰিস্থিতিৰ বাবে এইবাৰ দিল্লীৰ নিৰ্দিষ্ট মঞ্চত "কলা উৎসৱ"ত অনুষ্ঠিত নকৰি ৰাজ্য সমূহত থকা দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা প্ৰতিযোগী সকলৰ নৃত্য প্ৰদৰ্শন প্ৰচাৰ কৰিছিল আৰু সেইবিলাক নিদিষ্ট বিচাৰকে বিচাৰ কৰি ঘোষণা কৰিছিল ফলাফল। অধ্যাপ্ৰিয়া দত্তই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি অংশগ্ৰহণ কৰিছিল কলা উৎসৱত।

" কলা উৎসৱত" ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়াই অনা অধ্যাপ্ৰিয়া দত্তই জনোৱা মতে প্ৰতিযোগিতাত অংশগ্ৰহণৰ পূৰ্বে দুদিন ঢোলৰ ওজা সোমনাথ বড়াই গাইড কৰিছিল বুলি সদৰি কৰিছে অধ্যাপ্ৰিয়া দত্তই।

উল্লেখযোগ্য যে অধ্যাপ্ৰিয়া দত্তই  আঢ়ৈ বছৰ বয়সৰ পৰাই সত্ৰীয়া নৃত্য, কথক নৃত্যকে ধৰি বিভিন্ন  নৃত্যৰ প্ৰশিক্ষণ লোৱাৰ লগতে  বিভিন্ন প্ৰতিযোগিতাত প্ৰদৰ্শন কৰি সাফল্য লাভ কৰি আহিছে।  ২০১৭-১৮ চনতে  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালযৰ জলপানী লাভ কৰা নৃত্য পটিয়সী অধ্যাপ্ৰিয়াই  নৃত্যৰ উপৰি খোল বাদন, চিত্ৰাংকন আদিৰ যোগেদিও প্ৰতিভাৰ উমান দিছে ।

আনহাতে কন্যাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ। আনুষ্ঠানিক শিক্ষাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো যাতে অধ্যাপ্ৰিয়া আগুৱাই যায় তাৰ বাবে সৰুৰে পৰা গুৰুত্ব দি অহা বুলি মন্তব্য কৰে পিতৃ ত্ৰৈলোক্য দত্তই।
Published by:Manjumoni Borah
First published: