‘অনিল কাপুৰৰ জীয়ৰী নোহোৱা হেতেন, তোমাৰ অস্তিত্ব ক’ত?’- ছোনম কাপুৰক উভতি ধৰিলে কংগনা ৰানাৱটে?

News18 Assam | News18-Assam
Updated:June 20, 2020, 11:59 AM IST
‘অনিল কাপুৰৰ জীয়ৰী নোহোৱা হেতেন, তোমাৰ অস্তিত্ব ক’ত?’- ছোনম কাপুৰক উভতি ধৰিলে কংগনা ৰানাৱটে?
সুশান্তৰ মৃত্যুত একাংশই বলীউদৰ কিছুমান অশুভ পৰম্পৰাক জগৰীয়া কৰাত খং উঠিল ছোনম কাপুৰৰ

সুশান্তৰ মৃত্যুত একাংশই বলীউদৰ কিছুমান অশুভ পৰম্পৰাক জগৰীয়া কৰাত খং উঠিল ছোনম কাপুৰৰ

  • Share this:
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে যেন এতিয়া দুভাগত বিভিক্ত কৰিছে বলীউদক। ‘নেপ’টিজিম’ৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বলীউদৰ একাংশ তাৰকা। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলীউদৰ বহু ভিতৰুৱা কথা ৰাজহুৱা কৰিছিল জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটে।

সুশান্তৰ মৃত্যত বলীউদৰ কিছু চলি অহা অশুভ পৰম্পৰাক জগৰীয়া কৰিছে একাংশই। আনকি সুশান্তৰ মৃত্যুৰ পিছতে কৰণ জোহৰ, ছলমান খান, আদিত্য চোপ্ৰাৰ লগতে বহুজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। সুশান্তৰ প্ৰেয়সীকো জেৰা কৰিছে আৰক্ষীয়ে। এনেবোৰ কাণ্ড দেখি খং উঠিল অভিনেত্ৰী ছোনম কাপুৰৰ। ‘কাৰোবাৰ মৃত্যু কাৰণে কিয় বাকী সকলক মানোকষ্ট দিয়া হৈছে’ বুলি টুইটাৰত প্ৰশ্ন কৰে ছোনম কাপুৰে।



অভিনেত্ৰীগৰাকীৰ এনে আচৰণক এতিয়া উভতি ধৰিছে কংগনা ৰানাৱটে। কংগনা ৰানাৱটে লিখে যে, ‘সুশান্তৰ মৃত্যুত তোমাৰ কি প্ৰতিক্ৰিয়া এয়া তোমাৰ কথা বতৰাতেই বুজা যায়। অনিল কাপুৰৰ কন্যা নোহোৱা হেতেন তোমাৰ অস্তিত্ব ক’ত?’

 

আনকি বহুতে এতিয়া ট্ৰ’ল কৰিছে ছোনম কাপুৰক। বহুতে বিভিন্ন ধৰণে সমালোচনা কৰি সুশান্তৰ সন্দৰ্ভত ছোনমে কৰা মন্তব্যৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে বহুতে।
First published: June 20, 2020, 11:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading