‘‘আমাক ৰামায়ণ চাবলৈ দিছে, কিন্তু আপোনালোকে সংসদত বহি ‘........’চাইছে’’–অভিনেত্ৰীগৰাকীৰ বিতৰ্কিত মন্তব্যৰ পিছতে উঠছে গ্ৰেপ্তাৰৰ দাবী

News18 Assam | News18-Assam
Updated:March 29, 2020, 12:58 PM IST
‘‘আমাক ৰামায়ণ চাবলৈ দিছে, কিন্তু আপোনালোকে সংসদত বহি ‘........’চাইছে’’–অভিনেত্ৰীগৰাকীৰ বিতৰ্কিত মন্তব্যৰ পিছতে উঠছে গ্ৰেপ্তাৰৰ দাবী
সৰু পৰ্দাৰ নায়িকা কবিতা কৌশিকে ৰামায়ণ সম্প্ৰচাৰকলৈ কৰিছে বিতৰ্কিত মন্তব্য

সৰু পৰ্দাৰ নায়িকা কবিতা কৌশিকে ৰামায়ণ সম্প্ৰচাৰকলৈ কৰিছে বিতৰ্কিত মন্তব্য

  • Share this:
বৰ্তমান সমগ্ৰ দেশতে ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ইতিমধ্যে ভাৰতত ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে। ক’ৰোণাক প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ল’ক ডাউন ঘোষণা কৰিছে। আনকি ল’ক ডাউনৰ সময়ৰ আমনি দূৰ কৰিবলৈ ৰামায়ণ আৰু মহাভাৰত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছে চৰকৰে। কিন্তু সেইসময়তে সৰু পৰ্দাৰ জনপ্ৰিয় নায়িকা কবিতা কৌশিকে ৰামায়ণ সম্প্ৰচাৰ কৰাকলৈ কৰিছে বিতৰ্কিত মন্তব্য। আনকি এতিয়া অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰৰো দাবী কৰিছে বহুতে।



ৰামায়ণ সম্প্ৰচাৰ হোৱাত অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘ নিজে সংসদত বহি পৰ্ণ ফিল্ম চাইছে আৰু আমাক ৰামায়ণ চাবলৈ দিছে।’ অভিনেত্ৰীগৰাকীয়ে পৰ্ণ ফিল্মক ৰামায়ণৰ সৈতে তুলনা কৰাত সৃষ্টি হৈছে বিতৰ্কৰ।বহুতে আনকি অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰৰো দাবী কৰিছে। উল্লেখযোগ্য যে, কবিতা বৰ্তমান নিজৰ ধাৰাবাহিক ‘চন্দ্ৰমুখী চৌতেলা’ত ব্যস্ত।


আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading