உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • শাৰীৰিক সম্পৰ্ক স্থাপনত সন্মতি দিলেহে অভিনয়ৰ সুযোগ! ছবি পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এইগৰাকী অভিনেত্ৰীৰ

    শাৰীৰিক সম্পৰ্ক স্থাপনত সন্মতি দিলেহে অভিনয়ৰ সুযোগ! ছবি পৰিচালকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এইগৰাকী অভিনেত্ৰীৰ

    কিন্তু অভিনেত্ৰীগৰাকীৰ অভিযোগৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য দিয়া নাই ছবি পৰিচালকগৰাকীয়ে।

    কিন্তু অভিনেত্ৰীগৰাকীৰ অভিযোগৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য দিয়া নাই ছবি পৰিচালকগৰাকীয়ে।

    কিন্তু অভিনেত্ৰীগৰাকীৰ অভিযোগৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য দিয়া নাই ছবি পৰিচালকগৰাকীয়ে।

    • Share this:
    সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ পৰাই সমগ্ৰ বলীউদত তোলপাৰ লগাইছে নেপ’টিজিম বিতৰ্কই। কিন্তু তাৰ মাজতে এগৰাকী অভিনেত্ৰীয়ে এইবাৰ উত্থাপন কৰিছে অন্য এক গুৰুতৰ অভিযোগ। বাংলাদেশৰ অভিনেত্ৰীগৰাকীক টলীউদৰ ছবিৰ পৰিচালকে দিছিল অসত্‍ প্ৰস্তাৱ। ছবিত অভিনয়ৰ সুযোগ দিয়াৰ প্ৰলোভন দেখুৱাই অভিনেত্ৰীগৰাকীক শাৰীৰিক সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ দিছিল। এতিয়া সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মুখ খুলিছে অভিনেত্ৰীগৰাকীয়ে।

    সংবাদ মাধ্যমৰ আগত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৰাজহুৱা কৰিছে পৰিচালকে অভিনেত্ৰীগৰাকীলৈ পঠিওৱা অশ্লীল মেছেজ। পৰিচালকে এখন ছবিৰ মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ দিয়া হ’ব বুলি অভিনেত্ৰীগৰাকীক দিছিল শাৰীৰিক সম্পৰ্ক স্থাপনৰ প্ৰস্তাৱ।

    অভিনেত্ৰীগৰাকীৰ অভিযোগ-আনকি পৰিচালকে তেওঁলৈ প্ৰেৰণ কৰিছিল বিভিন্ন আপত্তিজনক ফটোও।

    কিন্তু এতিয়ালৈকে অভিনেত্ৰীগৰাকীৰ অভিযোগৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়া নাই পৰিচালকে।
    Published by:Himangshu Bhuyan
    First published: