Big Breaking: ৰিয়া চক্ৰবৰ্তীক গ্ৰেপ্তাৰ কৰিলে NCB-এ, মেডিকেল পৰীক্ষাৰ সন্মুখীন হ'ব ৰিয়া

News18 Assam | News18-Assam
Updated:September 8, 2020, 4:37 PM IST
Big Breaking: ৰিয়া চক্ৰবৰ্তীক গ্ৰেপ্তাৰ কৰিলে NCB-এ, মেডিকেল পৰীক্ষাৰ সন্মুখীন হ'ব ৰিয়া
ৰিয়াৰ বিৰুদ্ধে একাধিক প্ৰমাণ লাভ কৰিছে এনচিবিয়ে।

ৰিয়াৰ বিৰুদ্ধে একাধিক প্ৰমাণ লাভ কৰিছে এনচিবিয়ে।

  • Share this:
মুম্ৱাইঃ ৰিয়া চক্ৰবৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছে। বলিউডৰ তাৰকা সুশান্ত সিং ৰাজপুতৰ মৃত্য়ুৰ  তদন্ত কৰি থকা এন চি বি-এ (NCB) মঙলবাৰে ৰিয়া চক্ৰবৰ্তীক গ্ৰেপ্তাৰ কৰে। তথ্য় অনুসৰি ৰিয়াক এতিয়া মেডিকেল পৰীক্ষাৰ কাৰণে নিয়া হৈছে। ৰিয়াৰ বিৰুদ্ধে একাধিক প্ৰমাণ লাভ কৰিছে এনচিবিয়ে।

ৰিয়াক একেৰাহে তিনি দিন ধৰি সোধা-পোচা কৰা হৈছিল কিন্তু বহু প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰিলে। গ্ৰেপ্তাৰ কৰাৰ পিছত ৰিয়াক বিএমচিৰ চায়ন হাস্পতাললৈ নি টেষ্ট কৰোৱাৰ কথা।

অভিনেত্ৰীগৰাকীক মঙলবাৰেও অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্য়ুৰ সৈতে সম্পৰ্কিত মাদক দ্ৰব্য় সন্দৰ্ভত সোধা-পোচা কৰিবলৈ এনচিবিৰ সন্মুখনৈ নিয়া হৈছিল। পুৱা প্ৰায় চাৰে দহ বজাত ৰিয়া দক্ষিণ মুম্ৱাইৰ বালাৰ্ড এষ্টেট স্থিত এনচিবি কাৰ্যালয়ত উপস্থিত হয়। মুম্ৱাই পুলিচৰ বাহনে এই সময়খিনিত তেওঁক সুৰক্ষা প্ৰদান কৰে। উল্লেখযোগ্য় যে, ৰিয়াক এন চি বিয়ে দেওৱাৰে ছয় ঘণ্টা আৰু সোমবাৰে আঠ ঘণ্টা জেৰা কৰিছিল।
First published: September 8, 2020, 4:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading