হাতত নাই কাম, নাই টকাও, বাধ্য হৈ টেক্সি চলাইছে বলীউদৰ এইজন অভিনেতাই!

News18 Assam | News18-Assam
Updated:June 17, 2020, 5:19 PM IST
হাতত নাই কাম, নাই টকাও, বাধ্য হৈ টেক্সি চলাইছে বলীউদৰ এইজন অভিনেতাই!
চিনেমাৰ পৰিচিত মুখ নহ’লেও, থিয়েটাৰ জগতৰ অতি জনপ্ৰিয় কমল।

চিনেমাৰ পৰিচিত মুখ নহ’লেও, থিয়েটাৰ জগতৰ অতি জনপ্ৰিয় কমল।

  • Share this:
সমগ্ৰ বলীউদ এতিয়া ব্যস্ত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যক লৈ। কোনোৱে কৈছে, সুশান্তৰ আত্মঘাতী হোৱাৰ কাৰণ প্ৰেমৰ সম্পৰ্ক। আন একাংশই আকৌ মন্তব্য কৰিছে, বলীউদৰ নেপ’টিজিমৰ চিকাৰ হোৱাৰ বাবেই জীৱনৰ মোহ এৰিবলগীয়া হ’ল সুশান্তই। এই খবৰক লৈ উত্তাল সমগ্ৰ বলীউদ। এই সময়তে পোহৰলৈ আহিছে বলীউদৰ আন এজন অভিনেতাৰ জীৱন সংগ্ৰামৰ কাহিনী।

অভিনেতাজনৰ নাম কমল ৰেক্সৱাল। তেওঁ অৱশ্যে সুশান্ত সিং ৰাজপুতৰ দৰে ইমানখিনি সফল হোৱা নাই। এতিয়াও বলীউদত সংগ্ৰাম কৰিছে। কিছুদিন ধৰি মুম্বাইলৈ আহি অভিনেতা হোৱাৰ দৌৰত নামি পৰিছে। চিনেমাৰ পৰিচিত মুখ নহ’লেও, থিয়েটাৰ জগতৰ অতি জনপ্ৰিয় কমল। মুক্তি পাইছে তেওঁৰ ইয়ে শালী আশিকী নামৰ এখন ছবিও। কথা আছিল ঋষি কাপুৰৰ শেষ ছবিত অভিনয় কৰাৰ। সেয়াও এতিয়া অতীত। নিৰ্মাণ নহয় আৰু সেই ছবি।

কোৰোণাৰ বাবে এতিয়া আগৰ দৰে ছবিও নিৰ্মাণ হোৱা নাই। বন্ধ আছে শ্বুটিং। সেয়েহে অভিনেতা কমলে ল’লে সিদ্ধান্ত, কেব চলাব! সিদ্ধান্তমৰ্মেই বহুদিন ধৰি মুম্বাইৰ ৰাজপথত কেব চলোৱা দেখা গৈছে কমলক। এটা ইংৰাজী ৱেবছাইটত প্ৰকাশিত খবৰ অনুসৰি, স্বাভাৱিকতে এই খবৰে দুখ দিছে ছবিপ্ৰেমীক। সংবাদ মাধ্যমক কমলে জনায়, ‘বহুদিন ধৰি কাম নাই। কি কৰিম? বাচি থাকিবতো লাগিব। টেক্সি লৈ যাত্ৰীৰ বাবে অপেক্ষা কৰো। এনেকৈয়ে দিনটোৰ খৰচ উলিয়াইছো।’
First published: June 17, 2020, 5:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading