বলীউড অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাও মাজত বিবাহৰ ১৫ বছৰৰ পিছত হ'ল বিবাহ বিচ্ছেদ। আজি এক যুটীয়া বিবৃতিত তেওঁলোকে এই সম্পৰ্কে অৱগত কৰে। এই খবৰত হতভম্ব হৈ পৰিছে বলীউড জগতৰ লগতে আমিৰ অনুৰাগী।
আমিৰ খান আৰু কিৰণ ৰাৱে এক যুটীয়া বিবৃতিত কয়– "এই ১৫টা সুন্দৰ বছৰত, আমি একেলগে জীৱনজোৰা অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভাগ–বাটোৱাৰা কৰিছো আৰু আমাৰ সম্পৰ্ক কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমতহে বৃদ্ধি পাইছে। আমি এতিয়া আমাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰোঁ– স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে সিজনৰ বাবে সহঃ পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে। আমি কিছু আগেয়ে এক পৰিকল্পিত পৃথকীকৰণ আৰম্ভ কৰিছিলো আৰু এতিয়া এই প্ৰণালীটো আনুষ্ঠানিক কৰাত স্বাচ্ছন্দ্য বোধ কৰিছো, পৃথকে বাস কৰা সত্ত্বেও আমাৰ জীৱন এক সম্প্ৰসাৰিত পৰিয়ালৰ দৰে যাপন কৰিম।'
বিবৃতিটোত আৰু কোৱা হৈছে– "আমি আমাৰ পুত্ৰ আজাদৰ প্ৰতি সমৰ্পিত পিতৃ-মাতৃ, যাক আমি একেলগে ডাঙৰ-দীঘল কৰিম। আমি চলচ্চিত্ৰ, পানী ফাউণ্ডেচন আৰু অন্যান্য প্ৰকল্পৰ ক্ষেত্ৰতো সহযোগী হিচাপে কাম কৰি যাম যাৰ বিষয়ে আমি উৎসাহী অনুভৱ কৰোঁ। আমাৰ সম্পৰ্কত এই বিকাশৰ বিষয়ে তেওঁলোকৰ নিৰন্তৰ সমৰ্থন আৰু বুজাবুজিৰ বাবে আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গক বহুত ধন্যবাদ, যাৰ অবিহনে আমি এই পদক্ষেপ ল'বলৈ ইমান সুৰক্ষিত অনুভৱ নকৰিলোঁহেঁতেন।'
উল্লেখ্য, আমিৰ খান আৰু কিৰণ ৰাও দুয়ো বৰ্তমান লেহত একেলগে আছে। আমিৰে অহা সপ্তাহৰ পৰা কাৰ্গিলত তেওঁৰ আহিবলগীয়া ছবি 'লাল সিং চাধা'ৰ দৃশ্যগ্ৰহণৰ বাবে সাজু হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|